নিউজ ডেস্কঃ
কাইলৈৰ পৰা আৰম্ভ অম্বুবাচী মেলা। ২২ জুন,বৃহস্পতিবাৰৰ পৰা কামাখ্যা ধামত আৰম্ভ হ’ব অম্বুবাচী মেলা। অম্বুবাচীৰ প্ৰবৃত্তি নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত। অম্বুবাচীৰ নিবৃত্তি হ’ব ২৬ জুনত। ২৬ জুনৰ পুৱাৰ নিত্য পূজাৰ পিছত খোলা হ’ব শক্তিপীঠ কামাখ্য ধামৰ দুৱাৰ। মেলাৰ সময়ত নিশা ৯ বজাৰ পিছত কামাখ্যাত ভক্তৰ প্ৰৱেশত বাধা আৰোপ প্ৰশাসনৰ।পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ কামাখ্যাত প্ৰৱেশ কৰিব পাৰিব ভক্তই।।