আজি আফগানিস্তানৰ স্বাধীনতা দিৱস।
১৯৯৪ চনৰ আজিৰ দিনটোতেই দুবাৰকৈ (১৯৫৪ আৰু ১৯৬২) নোবেল জয়ী বিজ্ঞানী লিনাছ পাউলিঙৰ মৃত্যু ঘটিছিল।
১৯৯৩ চনৰ আজিৰ দিনটোতেই নেপালী ভাষা-সাহিত্যৰ সংৰক্ষণ আৰু বিকাশৰ অৰ্থে কাৰ্বি আংলঙৰ হাৱাইপুৰত অসম নেপালী সাহিত্য সভাৰ জন্ম হৈছিল। সভাৰ প্ৰথম সভাপতি আছিল লক্ষ্মীপ্ৰসাদ পৰাজুলী আৰু সম্পাদক আছিল হৰ্ষ বাহাদুৰ চেত্ৰী।
১৬৬২ চনৰ এই দিনটোতেই বিজ্ঞানী ব্লেইজ পাস্কেলৰ মৃত্যু হৈছিল।
১৮৮০ চনৰ আজিৰ দিনটোতেই সাহিত্যিক জ্ঞানদাভিৰাম বৰুৱাৰ জন্ম হৈছিল।
১৯০৪ চনৰ আজিৰ দিনটোতেই গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জন্ম হৈছিল।
১৯১৮ চনৰ আজিৰ দিনটোতেই ভাৰতৰ নৱম ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ জন্ম হৈছিল।
১৯২৬ চনৰ আজিৰ দিনটোতেই কবি-সমালোচক অজিৎ বৰুৱাৰ জন্ম হৈছিল।
১৯৩৬ চনৰ এই দিনটোতেই স্পেইনৰ কবি,নাট্যকাৰ ফেডেৰিকো গাৰ্থিয়া লৰকাৰ মৃত্যু হৈছিল।
১৯৩৯ চনৰ আজিৰ দিনটোতেই জাৰ্মানীৰ বিৰুদ্ধে ব্ৰিটেইন আৰু ফ্ৰান্সৰ যুদ্ধ ঘোষণা।চৰকাৰীভাৱে দ্বিতীয় মহাসমৰ আৰম্ভ। ৩০ ছেপ্টেম্বৰৰ পৰা এই যুদ্ধ ঘনীভূত হয়।
১৯৪৯ চনৰ আজিৰ দিনটোতেই ভুবনেশ্বৰক উৰিষ্যাৰ ৰাজধানী ৰূপে ঘোষণা।
২০০০ চনৰ আজিৰ দিনটোতেই বড়ো সাহিত্য সভাৰ সভাপতি বিনেশ্বৰ ব্ৰহ্ম আততায়ীৰ হাতত নিহত হৈছিল।
২০০১ চনৰ আজিৰ দিনটোতেই মধ্যপ্ৰাচ্যত পেলেষ্টাইন-ইজৰাইলৰ মাজত যুদ্ধৰ সূচনা।
২০০২ চনৰ আজিৰ দিনটোতেই ইউৰোপৰ জাৰ্মানী,অষ্ট্ৰিয়া,হাংগেৰী আদি দেশ প্ৰৱল বানৰ কবলত পৰিছিল।
২০০২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ৰূপে ভেৰো সিং শেখাৱতৰ কাৰ্যভাৰ গ্ৰহণ। ২০০৭ চনৰ ২১ জুলাইলৈকে তেওঁ এই পদত আছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৯ আগষ্ট
Next Post
You might also like