আজি ২০ আগষ্ট

▶️আজি সদ্ভাৱনা দিৱস।
▶️১৮৯৭ চনৰ আজিৰ দিনটোতেই ইংৰাজ বিজ্ঞানী ছাৰ ৰ’নাল্ড ৰছে আৱিষ্কাৰ কৰে যে মেলেৰিয়া ৰোগৰ জীৱাণু মহৰ পৰা সংক্ৰমিত হয়।
▶️১৯০১ চনৰ আজিৰ দিনটোতেই ইটালীৰ কবি ছালভাটোৰ কোৱাশ্বিমোডোৰ জন্ম হৈছিল। ১৯৫৯ চনত তেঁও লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
▶️১৮২৮ চনৰ আজিৰ দিনটোতেই কলকাতাত ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠা।
▶️১৯৪৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ জন্ম হৈছিল।
▶️১৯৭৯ চনৰ এই দিনটোতেই মাত্ৰ ২৩ দিন প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ অন্তত চৌধুৰী চৰণ সিঙৰ পদত্যাগ। অৱশ্যে ১৯৮০ চনৰ ১৪ জানুৱাৰীলৈকে তেঁও তদাৰকী প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই এষ্টোনিয়াৰ পূৰ্ণ স্বাধীনতা লাভ।
▶️১৯৯২ চনৰ আজিৰ দিনটোতেই নেপালী,কংকনী আৰু মণিপুৰী ভাষাক ভাৰতৰ সাংবিধানিক স্বীকৃতি।
▶️১৯৯৮ চনৰ এই দিনটোতেই উত্তৰাঞ্চল (বৰ্তমানৰ উত্তৰাখণ্ড), ছত্তীশগড় আৰু ঝাৰখণ্ড নামৰ তিনিখন নতুন ৰাজ্য গঠনৰ ঘোষণা।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই চিত্ৰশিল্পী শোভা ব্ৰহ্ম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপ-সভাপতি নিৰ্বাচিত।
▶️১৭৭৯ চনৰ আজিৰ দিনটোতেই ছুইডেনৰ বিজ্ঞানী জনছ জেকব বাৰ্জেলিয়াছৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.