ইণ্টাৰনেচনেল ডেস্ক:
পাকিস্তানৰ পঞ্জাৱত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজ্যখনৰ পিণ্ডি ভটিয়ান অঞ্চলৰ সমীপৰ ফৈছালাবাদ মটৰৱে’ত সংঘটিত হয় এই দুৰ্ঘটনাটো। দেওবাৰে এখন যাত্ৰীবাহী বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ১৬ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় ১৫ গৰাকী লোক। খবৰ অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাছখনত ৩৫ ৰ পৰা ৪০ গৰাকী যাত্ৰী আছিল। বাছখন কৰাচীৰ পৰা ইছলামাবাদ অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। বাছখন ডিজেল ড্ৰাম কঢ়িয়াই অনা পিকআপ ভেনৰ সৈতে খুন্দা মৰাৰ ফলত বাছখনত অগ্নিকাণ্ড সংঘটিত হয় বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
তথ্য অনুসৰি, আহত যাত্ৰীসকলৰ অধিকাংশৰ অৱস্থা সংকটজনক। দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহনৰ চালকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।।