ৰাছিয়াৰ লুনা-২৫ ত কাৰিকৰী বিজুতি!

ৰাছিয়াই আগষ্ট মাহৰ আৰম্ভণিতে চন্দ্ৰলৈ উৎক্ষেপণ কৰিছিল লুনা-২৫

নিউজ ডেস্ক:

ৰাছিয়াৰ লুনা-২৫ ত কাৰিকৰী বিজুতি! দুখন বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰ ভাৰত আৰু ৰাছিয়াৰ চন্দ্ৰযান-৩ আৰু লুনা-২৫ৰ চন্দ্ৰত ‘চফ্ট লেণ্ডিঙ’ৰ বাবে সমগ্ৰ বিশ্ববাসীয়ে অপেক্ষা কৰি থকাৰ সময়তে ৰাছিয়াৰ লুনা-২৫ ৰকেটত “অস্বাভাৱিক পৰিস্থিতি” ধৰা পৰা বুলি জানিব পৰা গৈছে। ভাৰতৰ চন্দ্ৰযান-৩ অৱতৰণৰ বিপৰীতে বিপৰ্যয়ৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে ৰাছিয়াৰ লুনা-২৫ ।

ৰাছিয়াই আগষ্ট মাহৰ আৰম্ভণিতে চন্দ্ৰলৈ উৎক্ষেপণ কৰিছিল লুনা-২৫ । খবৰ মতে, মহাকাশযানখনে প্ৰি-লেণ্ডিং কক্ষপথত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থাকোতে সন্মুখীন হয় এই “অস্বাভাৱিক পৰিস্থিতি”ৰ। অবশ্যে এই সন্দৰ্ভত বিশেষজ্ঞসকলে পৰিস্থিতি বিশ্লেষণ কৰি আছে যদিও এতিয়ালৈকে ৰাছিয়াৰ মহাকাশ সংস্থা ৰস্কোচমছে দিয়া নাই কোনো আনুষ্ঠানিক বিবৃতি ।।

You might also like
Leave A Reply

Your email address will not be published.