CID ৰ জালত কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়া!

CIDৰ জালত বজালী আৰক্ষীৰ ৭ জনকৈ বিষয়া-জোৱান

নিউজ ডেস্ক:

অৱশেষত গ্ৰেপ্তাৰ হ’ল কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়া। CIDৰ জালত বজালী আৰক্ষীৰ ৭ জনকৈ বিষয়া-জোৱান। বজালীৰ DSP পুস্কল গগৈ, পাটাছাৰকুছি থানাৰ OC অনুপ পাটগিৰিক গ্ৰেপ্তাৰ। ভৱানীপুৰৰ দুই ASI দেৱজিৎ‍ গিৰি, শশাংক দাসকো গ্ৰেপ্তাৰ CIDৰ। বজালীৰ SP কাৰ্যালয়ৰ গৃহৰক্ষী জোৱান দ্বীপজয় কলিতাকো গ্ৰেপ্তাৰ। চুপাৰি ব্যৱসায়ীৰ পৰা বৃহৎ‍ পৰিমাণৰ ধন আত্মসাতৰ অভিযোগ। বজালীৰ DSP পুস্কল গগৈৰ বিৰুদ্ধে আছে APSCত বক্র পথেৰে চাকৰি লোৱাৰো অভিযোগ। ডিব্রুগড় আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বীটতো আছে পুস্কল গগৈৰ নাম। গ্ৰেপ্তাৰ কৰা আটাইকেইগৰাকী আৰক্ষীকে অনা হৈছে গুৱাহাটীলৈ।

বজালীত আৰক্ষীৰ ধন দাবীৰ গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া- ‘গধূলিলৈ একাংশ বিষয়াৰ ওলাব বদলিৰ নিৰ্দেশনা’। ধন দাবীৰ অভিযোগত বহুকেইগৰাকী SP-DSP ক ৰিজাৰ্ভ ক্ল’জ কৰাৰো সম্ভাৱনা’।।

You might also like
Leave A Reply

Your email address will not be published.