টকিঅ’ৰ অলিম্পিক ভিলেজত ‘Anti-Sex’ বিচনা!

টকিঅ’ অলিম্পিকৰ পূৰ্বে জাপানৰ অলিম্পিক ভিলেজত ব্যৱস্থা কৰা হৈছে Anti-Sex বিচনাৰ। চলিত কোভিড-১৯ মহামাৰীৰ বাবে খেলুৱৈসকলক যৌন সম্ভোগকে ধৰি যিকোনো অপ্ৰয়োজনীয় শাৰিৰীক ঘনিষ্ঠতাত লিপ্ত হোৱাৰ পৰা নিৰুৎসাহিত কৰা হ’ব। খবৰ অনুসৰি Anti-Sex বা যৌনতা- প্ৰতিৰোধী বিচনাবোৰ কাৰ্ডবোৰ্ডৰ পৰা তৈয়াৰ কৰা হ’ব। সেইবোৰ কেৱল এজন ব্যক্তিৰ ওজন সহ্য কৰিবলৈ সক্ষম হোৱাৰ বাবে প্ৰস্তুত কৰা হৈছে।

বিচনাবোৰ যিকোনো আকস্মিক চলাচলৰ ফলত ভাঙি যাব যদিও সেইবোৰ পুনৰ ব্যৱহাৰযোগ্য হ’ব।খেলুৱৈসকলক অলিম্পিক পৰম্পৰা অনুসৰি দিয়া বিনামূলীয়া ক’ণ্ডম ব্যৱহাৰ নকৰিবলৈও সতৰ্ক কৰি দিয়া হৈছে। ইয়াৰ পৰিৱৰ্তে, সেই কণ্ডম সমূহ তেওঁলোকক HIV-ৰ বাবে সজাগতা বৃদ্ধি কৰিবলৈ স্মাৰক হিচাপে ঘৰলৈ ঘূৰাই আনিবলৈ কোৱা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.