আজি ৬ জুন

আজি ৬ জুন

➡️ছুইডেনৰ ৰাষ্ট্ৰীয় দিৱস।

➡️১৫৯৬ শিখ গুৰু হৰগোবিন্দ সিঙৰ জন্ম।

➡️১৬৭৪ স্বাধীন মাৰাঠা ৰাজ্যৰ ৰজা হিচাপে শিৱাজীৰ অভিষেক আৰু তেওঁৰ ছত্ৰপতি উপাধি গ্রহণ। ১৭৯৯ ৰুছ কবি-সাহিত্যিক আলেকজেণ্ডাৰ পুস্কিনৰ জন্ম।

➡️১৮২৯ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা এলেন অক্টোভিয়ান হিউমৰ জন্ম।

➡️১৮৭৫ জার্মানীৰ নোবেল জয়ী সাহিত্যিক টমাছ মানৰ জন্ম। তেওঁ ১৯২৯ চনত লাভ কৰে সাহিত্যৰ নোবেল বঁটা।

➡️১৮৯০ অসমৰ প্ৰথম মুখ্য মন্ত্রী গোপীনাথ বৰদলৈৰ জন্ম।

➡️১৯৩৫ তিব্বতৰ চতুৰ্দশ দালাই লামা বিষ্টেন-ডিজিন-ৰিগা- মেটম্বোৰ (সংক্ষেপে টেনজিং গিয়াৎছো) জন্ম। দালাই লামাই ১৯৮৯ চনত লাভ কৰে শান্তিৰ নোবেল বঁটা। ১৯৪০ সংগীতশিল্পী ৰমেন বৰুৱাৰ জন্ম।

➡️১৯৪৬ জার্মানীৰ নোবেল জয়ী সাহিত্যিক গেৰহাৰ্ট হাউপ্টমেনৰ মৃত্যু। তেওঁ ১৯১২ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।

➡️১৯৪৮ ‘চিনেমাটোগ্রাফ’ (গ্রীক শব্দ kinema=movement, graphein=to write) বা চলচ্চিত্র কেমেৰা আৰু প্ৰজেক্টৰৰ উদ্ভাৱক লুই লুমিয়েৰৰ ফ্ৰান্সত মৃত্যু। লুই লুমিয়েৰ আৰু তেওঁৰ ভাতৃ আগষ্ট লুমিয়েৰক চলচ্চিত্ৰ নিৰ্মাণৰ বাটকটীয়া আখ্যা দিয়া হয়।

➡️১৯৭৯ সদৌ অসম ছাত্ৰ সন্থাৰ অসম আন্দোলনৰ প্ৰথমটো কার্যসূচী ঘোষণা। এই কার্যসূচী আছিল ২৪ ঘণ্টীয়া অসম বন্ধ। অসম আন্দোলন আৰম্ভ।

➡️১৯৯৯ প্ৰথমবাৰৰ বাবে লিয়েণ্ডাৰ পেজ আৰু মহেশ ভূপতি যুটিৰ ফ্রেন্স অপেনৰ ডাবত গ্রেণ্ডশ্লেম অর্জন। ২০০৪ প্রাক্তন মার্কিন ৰাষ্ট্ৰপতি ৰ’নাল্ড ৰিগানৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.