মৃত্যুদূতত পৰিণত হৈছে উন্মুক্ত নলা

বানৰ কবলত সমগ্ৰ ৰাজ্য, সমান্তৰালকৈ মহানগৰ বাসীয়েও দুৰ্ভোগ ভূগিব লগা হৈছে কৃত্ৰিম বানত ।

স্মাৰ্ট চিটি গুৱাহাটী মহানগৰ। স্মাৰ্ট চিটি বুলি ক’লেই এক ধাৰণা মনলৈ আহে যে, চাৰিওফালে বিকাশ, প্ৰগতি, ভাল ৰাস্তা ঘাট, উদ্যোগ, অট্টালিকা আদিৰে সমাহাৰ এখন উন্নত আৰু আধুনিক ঠাই।
কিন্তু ,বাস্তৱত স্মাৰ্ট চিটি গুৱাহাটীৰ ক্ষেত্ৰত এখন
বিপৰীত ছবিহে সকলোৱে দেখিবলৈ পাই।
ঠায়ে ঠায়ে নিৰ্মাণ কৰি থকা ফ্লাই অভাৰ, বিভিন্ন উন্নয়নমুখী পদক্ষেপৰ লগতে প্ৰতি বছৰে কৃত্ৰিম বানত ডুব যোৱা গুৱাহাটীৰ ছবিখনে প্ৰতি বছৰে
বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ।প্ৰতিবছৰৰ দৰেই এইবছৰো ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰী ।বানত বুৰ যোৱা দৃশ্য, ভূমিস্খলনৰ ফলত ক্ষতি হোৱা বাসগৃহ আৰু মৃত্যুৰ কিৰিলি বৰ্তমান স্মাৰ্ট গুৱাহাটীৰ পৰিচয়।
“এজাক বৰষুণতেই পানীত ডুব যায় গুৱাহাটী মহানগৰী” শিৰোনাম দখল কৰি অহা এই শাৰী বাক্যয়ই স্মাৰ্ট গুৱাহাটীৰ প্ৰকৃত স্বৰূপ আৰু শাসনাধিষ্ঠ চৰকাৰখনৰ বিফলতাক যেন আঙুলিয়াই দিয়ে। মহানগৰীৰ হাতীগাঁও, চানমাৰী,বেলতলা,কাহিলীপাৰা,অনিল নগৰ ,নবীন নগৰ আদি অঞ্চল প্ৰতি বছৰে কৃত্ৰিম বানত বুৰ যোৱাটো স্বাভাৱিক কথা হয় পৰিছে। তাতোকৈ পৰিতাপৰ কথা যে, যিবোৰ ঠাই কৃত্ৰিম বানপানীৰ কৱলত পৰা নাছিল, সেই ঠাইবোৰো বৰ্তমান এজাক বৰষুণত ডুব যোৱা পৰিলক্ষিত হৈছে। মহানগৰীৰ এটি ব্যস্ত অঞ্চল ছয়মাইল-বাঘৰবড়ী পথত কৃত্ৰিম বানপানীৰ এটি ভয়াবহ দৃশ্য দেখিবলৈ পোৱা গৈছে। বুধবাৰে অহা এজাক বৰষুণত ছয়মাইস্হিত কৰ্মাশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ সন্মুখত কৃত্ৰিম বানপানীৰ ফলত ঘন্টা ধৰি বাহনসমূহ আৱদ্ধ হয় আছিল। ইয়াৰ ভিতৰত জৰুৰীকালীন সেৱা আগবঢ়োৱা বাহনসমূহো আছিল। কোনো অংশত বৈদ্যুতিক বিসংগতিৰ ফলত অগ্নিপাতৰ সৃষ্টি হৈছিল, কিন্তু কৃটিম বানপানীৰ ফলত হোৱা যান-জটৰ বাবে অগ্নিনিৰ্বাবকৰ বাহনসমূহ ঘটনাস্থলীত উপযুক্ত সময়ত উপস্থিত হ’ব পৰা নাছিল ।সমান্তৰালকৈ
মহানগৰীৰ বাঘৰবড়ী অঞ্চলো কৃত্ৰিম বানত বুৰ গৈছিল। অতিকৈ দু:খৰ বিষয় যে,বছৰ বছৰ ধৰি এনেদৰেই কৃত্ৰিম বানমুক্ত গুৱাহাটীৰ সপোন দেখা
সাধৰণ জনতাই,মনত ভয় আৰু আতংকৰে দুৰ্গন্ধময়, লেতেৰা পানীৰ মাজে মাজে ঢাপলি মেলিব লগা হয় নিজ কৰ্তব্যলৈ। গুৱাহাটী পৌৰ নিগমে মাজে সময়ে গুৱাহাটীৰ নলা-নৰ্দমা সমূহ চাফা কৰিছে ঠিকেই কিন্তু,ইয়াতেই জানো সমস্যাৰ সমাধান হৈছে ? প্ৰতি বছৰেই এনেদৰেই দুৰ্গন্ধময়, লেতেৰা পানীৰ মাজেৰে গুৱাহাটীবাসীয়ে অব্যাহত ৰাখিছে নিজ জীৱন- যাত্ৰা ।
গুৱাহাটীবাসীৰ সমস্যাৰ কোনো অন্ত নাই, কৃত্ৰিম বানপানীৰ লগত গুৱাহাটীবাসীয়ে উপহাৰ পাইছে, মৃত্যু দূত হৈ ঠায়ে-ঠায়ে গঢ় লৈ উঠা উন্মুক্ত নলাসমূহ। মেৰামতিৰ অভাৱত খানাপাৰা, কাহিলীপাৰা,গনেশগুৰি, চানমাৰি ,ৰাজগড় , আদিকে ধৰি গুৱাহাটীৰ বিভিন্ন ঠাইত নলাৰ ওপৰৰ পদপথত সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁত ।
পদপথৰ এই গাতসমূহ দীৰ্ঘদিনে আছে উন্মুক্ত অৱস্থাত । দুই – এডাল বাহ বান্ধি ৰঙা কাপোৰৰে বিপদৰ চিহ্ন দেখুৱাই দিয়া এই উন্মুক্ত নলা সমূহ এই বাৰিষা সময়চোৱাত বৰষুণৰ পানীৰে বুৰ যায় , ফলত পথচাৰী সকল বহু বিপদত পৰা পৰিলক্ষিত হৈছে। বহু বাহন এনে উন্মুক্ত নলাত সুমাই দূৰ্ঘটনাত পতিত হৈছে । বৰষুণৰ পানীৰে ৰাস্তা আৰু পদপথ একেকাৰ হোৱাৰ ফলত নিজ কৰ্তব্য স্থানলৈ অহা বহু ব্যক্তি প্ৰতি বছৰে বিভিন্ন সময়ত বিপদৰ সন্মুখীন হৈছে।৪ জুলাইত সংঘটিত হোৱা অবিনাশৰ মৃত্যু এটা ডাঙৰ উদাহৰণ। চানমাৰিৰ অন্তর্গত পশ্চিম জ্যোতিনগৰৰ কালী মন্দিৰৰ সমীপত নলাত পৰি ৮ বছৰীয়া অবিনাশে কৰুণ মৃত্যুক সাৱটিব লগা হৈছিল ।শাসনাধিষ্ঠ চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমে বিভিন্ন সময়ত কৃত্ৰিম বানপানী ৰোধ কৰিবলৈ নলাসমূহ পৰিস্কাৰ কৰিছে যদিওঁ, পদপথৰ উন্মুক্ত নলাসমূহ নিৰ্মাণৰ বাবে কোনো সঠিক ব্যৱস্থা গ্ৰহণ কৰা নাই। গুৱাহাটীত বিকাশৰ নামত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে চৰকাৰে।এতিয়া গুৱাহাটীৰ ঠায়ে ঠায়ে কেৱল ফ্লাই অ’ভাৰ। এডালৰ পাছত আনডাল গছ কাটিছে আৰু বনাইছে ফ্লাই অভাৰ। কিন্তু বিকাশ কেৱল ইমানতেই সীমাবদ্ধ নেকি? এনে উন্মুক্ত নলাৰ ফলত আৰু কিমানে প্ৰাণ হেৰুৱাব লগা হ’ব ।কিমান উদং হ’ব মাতৃৰ বুকু? এনেকৈ কিমান দিন যমৰ যাতনা ভুগিব মহানগৰবাসীয়ে ।এয়া দৈনিক অসমৰ সাংবাদিকৰ আগত একাংশ সচেতন ব্যক্তিৰ মন্তব্য।চৰকাৰ আহিছে, সলনি হৈছে কেৱল সলনি হোৱা নাই গুৱাহাটীবাসীৰ সমস্যা। মহানগৰবাসীয়ে বিকাশ বিচাৰে। আধুনিকতাৰ সৈতে খোজত খোজ মিলাই যাবলৈ গুৱাহাটীবাসীয়েও বিচাৰে কিন্তু ,সমস্যা সমূহৰ পৰা পৰিত্ৰাণ পোৱাটোও আৱশ্যক।
প্ৰতি বছৰে গুৱাহাটীৰ লগতে , অসমৰ বিভিন্ন প্ৰান্তত বানৰ ফলত বহু পৰিয়ালে নিজৰ ঘৰ-বাৰী হেৰুৱাব লগা হয়। তথ্য অনুসৰি জলশক্তি মন্ত্ৰালয়ৰ মতে, বিগত ২০১৬ চনৰ পৰা ২০১৬ চনলৈ মুঠ ৭৯৮ কোটি টকাৰ মূল্যৰ ঘৰ বান আৰু খহনীয়াত ধ্বংস হৈছে আৰু চলিত বৰ্ষত এইপৰ্যন্ত ৯৯ গৰাকী লোকৰ মৃত্যু হৈছে ।
বানৰ ফলত পথাৰত হোৱা খাদ্য-শস্যৰো বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হয় ।চৰকাৰী তথ্য মতে, ২০১৮ চনৰ পৰা ২০২৩ চনলৈ অসমত হোৱা বানত ৰাজ্যখনৰ ৪৮৯.৯৪ কোটি টকাৰ মূল্যৰ শস্য ধ্বংস হৈছে ।যাৰ ফলস্বৰূপত সাধাৰণ জনতা ভুক্তভোগী হ’ব লগীয়া হয়। কিয়নো, বানত নষ্ট হোৱা খাদ্যশস্যৰ বাবে ৰাজ্যৰ বাহিৰৰ পৰা শাক- পাচলি আমদানি হয়, যাৰ ফলত গ্ৰাহকে অধিক দামত ক্ৰয় কৰিব লগা হয়। বছৰি প্ৰাকৃতিক দুৰ্যোগৰ বাবে কেৱল সাহাৰ্য্যৰ নামতে বুজন পৰিমাণৰ পুঁজি ব্যয় কৰিব লগা হয় চৰকাৰখনে ।

প্ৰতিবেদন অনুসৰি প্ৰাকৃতিক দুৰ্যোগৰ বাবে ৰাজ্য চৰকাৰে বিগত বাৰটা বছৰত সাহায্য প্ৰদান কৰে ক্ৰমে,

২০১১-১২ বৰ্ষত ২৪৩.৬২ কোটি টকা,

২০১২-১৩ বৰ্ষত ২৯১.৩৩ কোটি টকা,

২০১৩-১৪ বৰ্ষত ৪৯৯.৪০ কোটি টকা,

২০১৪-১৫ বৰ্ষত ৭৫৯.৬৫ কোটি টকা,

২০১৫-১৬ বৰ্ষত ৪২৯.৯৪ কোটি টকা,

২০১৬-১৭ বৰ্ষত ১,৭৩১.১০ কোটি টকা,

২০১৭-১৮ বৰ্ষত ১,৭০৫.৭৪ কোটি টকা,

২০১৮-১৯ বৰ্ষত ৫২৫.০৪ কোটি টকা,

২০১৯-২০ বৰ্ষত ৫৬০.০১ কোটি টকা,

২০২০-২১ বৰ্ষত ৬২০.৩১ কোটি টকা,

২০২১-২২ বৰ্ষত ২,৫৫৭.৭৫ কোটি টকা

২০২২-২৩ বৰ্ষত ১,৯১৬.৩০ কোটি টকা ।

কিন্তু ইমান ব্যয়ৰ পাছতো অসমৰ বান আজিও সেই একেই অৱস্থাত আছে । বহু দাবীৰ পাছতো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া নহ’ল অসমৰ এই দীৰ্ঘদিনীয়া সমস্যাক ।

নিউজ ডেস্ক
ৰূপজ্যোতি বৰা : গুৱাহাটী

You might also like
Leave A Reply

Your email address will not be published.