হাতীমূৰা মন্দিৰত শিৱভক্তৰ লানি- নিছিগা ভিৰ ।

জি শাওন মাহৰ দ্বিতীয়টো সোমবাৰ । শিৱ মন্দিৰসমুহলৈ সমাগম হৈছে অগণন ব’লব’ম যাত্ৰীৰ । শিৱভক্তৰ নাম-কীৰ্ত্তনেৰে মুখৰিত হৈছে হাতীমূৰা মন্দিৰ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিৱ মন্দিৰসমুহলৈ এতিয়া সমাগম ঘটিছে ব’লব’ম যাত্ৰীৰ। সমান্তৰালভাৱে উখল-মাখল পৰিৱেশ কলিয়াবৰৰ হাতীমূৰাত। নিশাৰে পৰাই হাতীমূৰাত ভিৰ কৰিছে অগণন শিৱভক্তসকলে । নিশা শিৱভক্তৰ নাম-কীৰ্ত্তনেৰে মুখৰিত হাতীমূৰা মন্দিৰ। হাতীমূৰাৰ শিৱ মন্দিৰত ধূপ- চাকি জ্বলাই সেৱা জনাই নিশাৰ পৰা পুৱালৈ ব’লবম যাত্ৰীসকলে নাম-কীৰ্ত্তনেৰে মুখৰিত কৰি তুলিছে হাতীমূৰা। মন্দিৰ প্ৰাঙ্গণত থকা ব্ৰহ্মপুত্ৰ নৈৰ ঘাটত স্নানৰ লগতে পবিত্ৰ জলধাৰা সংগ্ৰহ কৰি অগণন ভক্ত- ব’লব’ম যাত্ৰীয়ে নিশাৰ পৰা পুৱালৈ পূজা-অৰ্চনা কৰিছে হাতীমূৰাত । ভক্ত-দৰ্শনাৰ্থী তথা দুৰ-দুৰণিৰ পৰা অহা ব’লব’ম যাত্ৰীৰ সুবিধাৰ্থে প্ৰয়োজনীয় সকলো যাৱতীয় ব্যৱস্থা কৰিছে হাতীমূৰা দেৱালয় ব’লব’ম পৰিচালনা সমিতিয়ে।

You might also like
Leave A Reply

Your email address will not be published.