আজি বৰষুণ দিৱস…

বৰষুণ অবিহনে জীয়াই থকাৰ কথা আমি ভাবিবও নোৱাৰো। কাৰন বৰষুণে পৃথিৱীখন সতেজ আৰু সেউজীয়া কৰি ৰখাত সহায় কৰে। গ্ৰীষ্মকালৰ দীঘলীয়া সময়ৰ পিছত দিয়া বৰষুণজাকে জীপাল কৰে সকলোৰে মন-প্ৰাণ। সেয়েহে ২৯ জুলাই দিনটো বৰষুণ দিৱস হিচাপে পালন কৰা হয়।

অসমত গড়ে প্ৰতি বছৰে ১৫০০–২০০০ মিলিমিটাৰ বৰষুণ হয়। সাধাৰণতে ডিচেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহলৈকে বৰষুণৰ পৰিমাণ যথেষ্ট কমি থাকে। মাৰ্চ মাহৰ মাজভাগৰপৰা ৰাজ্যখনত বৰষুণৰ পৰিমাণ ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰে। জুলাই মাহৰপৰা ছেপ্টেম্বৰৰ শেষৰপৰা বৰষুণৰ পৰিমাণ লাহে লাহে কমি আহে আৰু আকাশ ফৰকাল হ’বলৈ ধৰে।

বৰষুণৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি বছৰটোক চাৰিটা ঋতুত ভাগ কৰিব পাৰি।

প্ৰাক-মৌচুমী কাল বা গ্ৰীষ্ম কাল
মাৰ্চ মাহৰপৰা মে’মাহলৈকে। প্ৰাক-মৌচুমী কালত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয়। এইখিনি সময়ত উত্তৰ-পশ্চিম দিশৰপৰা অতি বেগেৰে বলা ধুমুহা-বৰষুণে অসমৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে। খন্তেকতে সৃষ্টি হোৱা এই অতি বেগী ধুমুহাবোৰক বৰদৈচিলা বোলা হয়। এই সময়ছোৱাত পশ্চিম দিশৰপৰা অসমত প্ৰবেশ কৰা দুই-এজাক পছোৱা বা-মাৰলীৰ ফলতো পাতলীয়া বৰষুণ হয়।

মৌচুমী কাল বা শৰৎ কাল
জুন মাহৰপৰা চেপ্তেম্বৰ মাহলৈকে। বৰ্ষাকালত অসমত মৌচুমী বতাহৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয়। নমছুন ট্ৰাফৰ অৱস্থান আৰু বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণি বতাহ বা বা-মাৰলী আৰু এইবোৰৰ গতিৰ দিশেও এই সময়ত অসমত হোৱা বৰষুণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।

পশ্চাৎ-মৌচুমী কাল বা শৰৎ কাল
অক্টোবৰ আৰু নৱেম্বৰ মাহ। পশ্চাৎ মৌচুমী কালত বংগোপসাগৰত সৃষ্টি হোৱা ক্ৰান্তীয় ধুমুহাবোৰ আৰু দুই-এজাক পছোৱা বা-মাৰলী প্ৰবেশ কৰাৰ বাবে অসমত যথেষ্ট বৰষুণ হয়।

শুকান ঋতু বা শীত কাল
ডিচেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰি মাহলৈকে। শীতকালত অসমত বৰষুণৰ পৰিমাণ অতি নগণ্য যদিও পছোৱা বা-মাৰলীৰ বাবে কেইবাদিনো ধৰি বতৰ ডাৱৰীয়া হৈ থাকি দুই-এজাক পাতলীয়া বৰষুণ হোৱা দেখা যায়।

You might also like
Leave A Reply

Your email address will not be published.