অমৃত বৃক্ষ আন্দোলন ২.০ৰ আৰম্ভণি

জিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হল ৰাজ্য চৰকাৰৰ এক অভিলাষী আঁচনি অমৃত বৃক্ষ আন্দোলন ২.০ৰ। এই আঁচনিৰ জড়িয়তে সমগ্ৰ ৰাজ্যজুৰি ৩কোটি গছপুলি ৰোপণৰ লক্ষ্য চৰকাৰৰখনৰ।

আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হল ৰাজ্য চৰকাৰৰ এক অভিলাষী আঁচনি অমৃত বৃক্ষ আন্দোলন ২.০ৰ। এই আঁচনিৰ জড়িয়তে সমগ্ৰ ৰাজ্যজুৰি ৩কোটি গছপুলি ৰোপণৰ লক্ষ্য চৰকাৰৰখনৰ। এয়া মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বৰ অসম চৰকাৰৰ বন বিভাগৰ এক পদক্ষেপ, যাৰ লক্ষ্য হৈছে ব্যাপক হাৰত বাণিজ্যিকভাৱে মূল্যৱান গছ ৰোপণ কৰা।

এই আঁচনিৰ অধিনত গছপুলি ৰোপণৰ বাবে ৩লাখ গছপুলি যোগান ধৰিছে ৰাজ্যৰ বন বিভাগে। তাৰ সমান্তৰালভাৱে পুলি ৰোপণ কৰিব বিচৰা হিতাধিকাৰীসকলৰ বাবেও এটা এপ মুকলি কৰা হৈছিল যাৰ জড়িয়তে গছপুলি ৰোপণ তথা পঞ্জীয়ন আৰু পঞ্জীয়ন নবীকৰণৰ সুবিধা প্ৰদান কৰা হৈছিল।
‘এজোপা গছ মোৰ মাৰ নামত’ – মাতৃৰ নামত মন্ত্ৰীৰ আৱাসিক চৌহদত গছপুলি ৰোপণ মুখ্যমন্ত্ৰীৰ।

আজি দিছপুৰৰ মন্ত্ৰীসকলৰ আৱাসিক চৌহদত গছপুলি ৰোপণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰে অমৃত বৃক্ষ আন্দোলন ২.০ৰ। বিশ্বনাথ জিলাতো বিশ্বনাথত জিলা আয়ুক্ত কাৰ্যালয় চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীৰ ৰূপায়ন কৰা হয়।মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ প্ৰতি সহাৰি জনাই মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে পুৱাই ৰোপন কৰে গছপুলি।তাৰ সমান্তকৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো আৰম্ভ হয় গছপুলি ৰোপন কাৰ্যসূচী।

 

You might also like
Leave A Reply

Your email address will not be published.