চতিয়াৰ এগৰাকী ব্যতিক্ৰমী শিক্ষক

এগৰাকী ব্যতিক্ৰমী শিক্ষক। শিক্ষকতাৰ লগতে চলাই গৈছে কৃষি কৰ্ম…

চতিয়াৰ দক্ষিণ অঞ্চলৰ কলকাটি গাঁৱৰ চৈদুৰ ৰহমান পেশাত এগৰাকী শিক্ষক।
এইগৰাকী শিক্ষক শিক্ষকতাৰ বৃত্তিৰ লগতে এগৰাকী আদৰ্শ কৃষকো। অঞ্চলটোত এগৰাকী সফল কৃষক হিচাপেও পৰিচিত চৈদুৰ ৰহমান। চৈদুৰ ৰহমানৰ বাৰীত এতিয়া বিভিন্ন শাক পাচলিৰ খেতি। বিজ্ঞান সন্মতভাবে জলকীয়া, লাও, বেঙেনা, তিতাকেৰেলাকে আদি বিভিন্ন খেতি। শিক্ষক চৈদুৰ ৰহমানে গৰমৰ বন্ধটো আন দহজনৰ দৰে বিলাস ভ্ৰমণলৈ গৈ সময় খৰছ নকৰি পৈত্ৰিক ভূমিত মূৰৰ ঘাম মাটিত পেলায় বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰি দহজনৰ বাবে প্ৰেৰণা হৈ পৰিছে। চৈদুৰ ৰহমানে নতুন প্ৰজন্মলৈ আহ্বান জনায় কেইটামান টকাৰ বাবে বহি ৰাজ্যলৈ গৈ হাৰভঙা শ্ৰম কৰাতকৈ নিজৰ পৈত্ৰিক ভূমিত অলপ কষ্ট কৰিলেই ভাল ফল পোৱা যায়। শিক্ষক চৈদুৰ ৰহমানে শিক্ষকতাৰ বৃত্তিত তিলমানো ফাকি নিদিয়াকৈয়ে মাত্ৰ সময়ৰ সদ ব্যৱহাৰ কৰি সেউজীয়া কৰি তুলিছে পৈত্ৰিক ভূমি।

You might also like
Leave A Reply

Your email address will not be published.