আজি ১৫ আগষ্ট

ভাৰতৰ স্বাধীনতা দিৱস।

দক্ষিণ কোৰিয়াৰ স্বাধীনতা দিৱস।

১২৬১ বাইজান্টিয়সকলৰ হাতত কনষ্টান্টিনোপলৰ পতন; অষ্টম মাইকেল বাইজান্টিয়াম সাম্ৰাজ্যৰ নতুন সম্রাট।

১৭৬৯ ফৰাচী সম্রাট নেপোলিয়ন বোনাপাৰ্টৰ জন্ম।

১৯১৪ পানামা খালৰ নিৰ্মাণ সম্পূর্ণ। এই দিনটোতে খালটোৱেদি প্রথমখন জাহাজ পাৰ হয়।

১৯৪৭ ভাৰতৰ স্বাধীনতা লাভ। জৱাহৰলাল নেহৰুৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী ৰূপে শপত গ্রহণ। নতুন দিল্লী স্বাধীন ভাৰতৰ ৰাজধানী।

১৯৫০ অসমত প্রবল ভূমিকম্প। প্রায় ১,৩৫০ লোকৰ মৃত্যু।

১৯৬৫ ভাৰতীয় খাদ্য নিগমৰ প্ৰতিষ্ঠা।

১৯৭২ ভাৰতত পিন কোডৰ (PIN) প্ৰৱৰ্তন।

১৯৭৫ বাংলাদেশৰ সেনা বিষয়াৰ এটা দলৰ দ্বাৰা ৰাষ্ট্ৰপতি শ্বেখ মজিবুৰ ৰহমানক পত্নীসহ হত্যা।

১৯৮৫ সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত অসম চুক্তি সম্পাদন।

১৯৮৬ অসমীয়া দৈনিক বাতৰিকাকত ‘আজিৰ অসম’ৰ প্ৰথম প্রকাশ। প্রতিষ্ঠাপক সম্পাদক ৰাধিকামোহন ভাগৱতী।

১৯৮২ দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সম্প্ৰচাৰ আৰম্ভ।

১৯৯৬ আন্দামানৰ ৰোজ আইলেণ্ডক ‘ৰাণী লক্ষ্মীবাই’ আইলেণ্ড নামেৰে নামকৰণ।

১৯৯৭ দেশজুৰি ভাৰতৰ স্বাধীনতাৰ স্বৰ্ণজয়ন্তী পালন।

২০০২ সুকীয়া জিলা হিচাপে গুৱাহাটীৰ নাম ঘোষণা।

২০০৪ ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে হোৱা বোমা বিস্ফোৰণত দহটি শিশুকে ধৰি ১৩জনৰ মৃত্যু, অর্ধশতাধিক লোক আহত।

You might also like
Leave A Reply

Your email address will not be published.