হাজোৰ বড়ো জনজাতীয় গাঁৱৰ মাজত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

হাজোৰ বড়ো জনজাতীয় গাঁৱৰ মাজত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী । শিক্ষা,স্বাস্থ্যৰ দিশত শক্তিশালী কৰাৰ লক্ষ্য ছাত্ৰ-ছাত্ৰীসকলৰ । কৃষি প্ৰধানত হাজোৰ কাহিবাৰী বতাবাৰী গাঁৱক ২০১৯ চনতে দত্তক গাঁও হিচাপে গ্ৰহণ কৰি কটন বিশ্ববিদ্যালয়ৰ কেতবোৰ নিতি নিৰ্দেশনাৰ আধাৰত বিভিন্ন কাৰ্যসূচী লৈ গাঁৱখনক শিক্ষাৰ লগতে স্বাস্থ্যৰ দিশত আগুৱাই নিয়াৰ উদ্দ্যেশ্যৰে ওলাই আহিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী । জনজাতীয় গাঁৱখনত এটি পুথিভৰাঁল স্থাপন কৰি শিক্ষাৰ লগতে স্বাস্থ্যৰ দিশত অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে বিভিন্ন দিশৰ ওপৰত কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধীনস্থত বতাবাৰী গাঁৱত বিভিন্ন কাৰ্যসূচীৰ লগতে বিশেষ সজাগতা সভা অনুষ্ঠিত হৈ আহিছে । আনহাতে বাতাবাৰী গাঁওখনত উচ্চ শিক্ষাৰ লগত জৰিত লোক অতি নগন্য এই উদ্যেশ্যৰে উচ্চ শিক্ষাৰ লগত ছাত্ৰ- ছাত্ৰী সকলক কেনেদৰে উৎসাহিত কৰিব পাৰি তাৰ লগতে গাঁৱখনক কেনেকৈ উন্নত কৰিব পাৰি এই সকলো দিশৰ ওপৰত কটন বিশ্ববিদ্যালয়ে বলিষ্ঠ প্ৰদক্ষেপ হাতত লৈ বাতাবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশেষ ভূমিকা লোৱা বুলি জানিব দিয়ে কটন বিশ্ববিদ্যালয় কর্তৃপক্ষই ।

You might also like
Leave A Reply

Your email address will not be published.