বৰপেটাৰ লোকসভা সমষ্টিৰ সাংসদ ফণী ভূষণ চৌধুৰীৰ ৰাখী বন্ধন উদযাপন

আজি পবিত্ৰ ৰাখী বন্ধন । সমগ্ৰ দেশজুৰি উদযাপন ৰাখী বন্ধন

আজি পবিত্ৰ ৰাখী বন্ধন । সমগ্ৰ দেশজুৰি উদযাপন ৰাখী বন্ধন । শাওণ মাহৰ পূৰ্ণিমা তিথিত পালন ৰাখী বন্ধন । ৰাখী বন্ধন দেশৰ এক অন্যতম প্ৰধান উৎসৱ। ভাৰতত বহু দশক ধৰি পৰম্পৰাগতভাবে পালন কৰি অহা হৈছে ৰাখী বন্ধন। ভাতৃ-ভগ্নীৰ মাজৰ পবিত্ৰ সম্পৰ্ক আৰু নিভাঁজ মৰমক সন্মান জনাই এই উৎসৱ পালন কৰা হয়।এই দিৱস উদযাপন কেৱল ভাই-ভনীৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ সামগ্ৰিকভাৱে পৰিয়াল তথা আত্মীয়-স্বজনলৈকে বিস্তৃত। শাওন মাহৰ পূৰ্ণিমাৰ দিনা পালন এই উৎসৱ । সেয়ে শাওন মাহৰ পূৰ্ণিমাৰ দিনটোক ৰাখী পূৰ্ণিমা বুলি অভিহিত কৰা হয় ।সনগ্ৰ দেশৰ লগতো ৰাজ্যৰ ভিন্ন প্ৰান্ত উদযাপন ৰাখী বন্ধন । বৰপেটাৰ সাংসদ ফণী ভূষণ চৌধুৰীয়েও পালন কৰে এই পবিত্ৰ দিনটো। বঙাইগাঁৱৰ অভয়াপুৰী পৌৰসভাত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফনীভূষন চৌধুৰী। কাৰ্যসূচীৰ অন্তত পৌৰসভাৰ মহিলা পাৰিষদ কেইগৰাকীয়ে ৰাখী পিন্ধায় সাংসদ গৰাকীক।

You might also like
Leave A Reply

Your email address will not be published.