➡️সম্ভাৱনা দিৱস।
➡️১৮৯৭ ইংৰাজ বিজ্ঞানী ছাৰ ৰ’নাল্ড ৰছে আৱিষ্কাৰ কৰে যে মেলেৰিয়া ৰোগৰ জীৱাণু মহৰ দ্বাৰা সংক্রমিত হয়।
➡️১৯০১ ইটালীৰ কবি ছালভাটোৰ কোৱাশ্বিমোডোৰ জন্ম। ১৯৫৯ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৮২৮ কলকাতাত ব্রাহ্ম সমাজ প্রতিষ্ঠা।
➡️১৯৪৪ ভাৰতৰ প্ৰাক্তন প্রধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম।
➡️১৯৭৯ মাত্র ২৩ দিন প্রধান মন্ত্রী ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ অন্তত প্রধান মন্ত্ৰী চৌধুৰী চৰণ সিঙৰ পদত্যাগ; অৱশ্যে ১৯৮০ চনৰ ১৪ জানুৱাৰীলৈকে তেওঁ তদাৰকী প্ৰধান মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️ৰাজীৱ গান্ধী হত্যাৰ প্ৰধান ষড়যন্ত্রকাৰী তামিল উগ্রপন্থী শিৱৰাসৰণ আৰু তেওঁৰ সংগী শুভাৰ পুলিচৰ হাতত ধৰা পৰাৰ আগেয়েই আত্মহত্যা।
➡️১৯৯১ এষ্টোনিয়াৰ পূৰ্ণ স্বাধীনতা লাভ।
➡️১৯৯২ নেপালী, কংকনী আৰু মণিপুৰী ভাষাক ভাৰতৰ সংবিধানৰ স্বীকৃতি।
➡️১৯৯৮ উত্তৰাঞ্চল (বৰ্তমানৰ উত্তৰাখণ্ড), ছত্তীশগড় আৰু ঝাৰখণ্ড নামৰ তিনিখন নতুন ৰাজ্য গঠনৰ ঘোষণা।
➡️২০০৩ চিত্রশিল্পী শোভা ব্রহ্মা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপ- সভাপতি নির্বাচিত।
➡️১৭৭৯ ছুইডেনৰ বিজ্ঞানী জন্য জেকব বার্জেলিয়াছৰ জন্ম।