সম্ভাৱনা দিৱস।
১৮৯৭ ইংৰাজ বিজ্ঞানী ছাৰ ৰ’নাল্ড ৰছে আৱিষ্কাৰ কৰে যে মেলেৰিয়া ৰোগৰ জীৱাণু মহৰ দ্বাৰা সংক্রমিত হয়।
১৯০১ ইটালীৰ কবি ছালভাটোৰ কোৱাশ্বিমোডোৰ জন্ম। ১৯৫৯ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
১৮২৮ কলকাতাত ব্রাহ্ম সমাজ প্রতিষ্ঠা।
১৯৪৪ ভাৰতৰ প্ৰাক্তন প্রধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম।
১৯৭৯ মাত্র ২৩ দিন প্রধান মন্ত্রী ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ অন্তত প্রধান মন্ত্ৰী চৌধুৰী চৰণ সিঙৰ পদত্যাগ; অৱশ্যে ১৯৮০ চনৰ ১৪ জানুৱাৰীলৈকে তেওঁ তদাৰকী প্ৰধান মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
ৰাজীৱ গান্ধী হত্যাৰ প্ৰধান ষড়যন্ত্রকাৰী তামিল উগ্রপন্থী শিৱৰাসৰণ আৰু তেওঁৰ সংগী শুভাৰ পুলিচৰ হাতত ধৰা পৰাৰ আগেয়েই আত্মহত্যা।
১৯৯১ এষ্টোনিয়াৰ পূৰ্ণ স্বাধীনতা লাভ।
১৯৯২ নেপালী, কংকনী আৰু মণিপুৰী ভাষাক ভাৰতৰ সংবিধানৰ স্বীকৃতি।
১৯৯৮ উত্তৰাঞ্চল (বৰ্তমানৰ উত্তৰাখণ্ড), ছত্তীশগড় আৰু ঝাৰখণ্ড নামৰ তিনিখন নতুন ৰাজ্য গঠনৰ ঘোষণা।
২০০৩ চিত্রশিল্পী শোভা ব্রহ্মা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপ- সভাপতি নির্বাচিত।
১৭৭৯ ছুইডেনৰ বিজ্ঞানী জন্য জেকব বার্জেলিয়াছৰ জন্ম।