নলবাৰীত দীক্ষাৰম্ভ উৎসৱ

 

নলবাৰীত দীক্ষাৰম্ভ উৎসৱ

ব্যুৰ’ ৰিপ’ৰ্ট:

নৱাগত ছাত্ৰ-ছাত্ৰী সকলক আশীৰ্বাদ আৰু আদৰণি জনাই কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত মংগলবাৰে অনুষ্ঠিত হয় দীক্ষাৰম্ভ উৎসৱ।বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য ড৹ প্ৰহ্লাদ আৰ যোশীয়ে আদৰণি ভাষণ আগবঢ়োৱা দীক্ষাৰম্ভ উৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভুগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড৹ অৱনী কুমাৰ ভাগৱতীয়ে ছাত্ৰ-ছাত্ৰী সকলক সংকল্প গ্ৰহণ কৰোৱাই দীক্ষা উপদেশ প্ৰদান কৰে।বিশ্ববিদ্যালয় খনৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ অংকুমনি দাসে আঁতধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ বিকাশ ভাৰ্গৱ শৰ্মা আৰু শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ মল্লিকা কলিতা।উক্ত অনুষ্ঠানতেই বিশ্ববিদ্যালয়ত অধ্যয়নৰত আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে নেট-শ্লেট আদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বাবে বিশ্ববিদ্যালয় ফালৰ পৰা সম্বৰ্ধনাও জ্ঞাপন কৰে।সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই বিশ্ববিদ্যালয় খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড৹ পংকজ কুমাৰ শৰ্মাই।।

You might also like
Leave A Reply

Your email address will not be published.