বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে বাজেট/ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল

বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে বাজেট/ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল/ ১,৫৫,৪২৮.৭৫ কোটি টকাৰ বাজেট দাখিল/ বাজেটত আছে পূৰ্বৰ বহুকেইখন আঁচনি/ অৰুণোদয় ৩.০ৰ জৰিয়তে আৰু অধিক মহিলাক দিব ধন/ ৩৭.২ লাখলৈ বৃদ্ধি হ’ব অৰুণোদয় হিতাধিকাৰী/ বাজেটত ৫ হাজাৰ কোটি টকা ধাৰ্য/ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ নামত ৩,০৩৮ কোটি টকা ধাৰ্য/ ১০ হাজাৰ, ২৫ হাজাৰ টকাকৈ আগবঢ়াব পুঁজি/ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিতো ৩৯১ কোটি টকা ধাৰ্য/  ৪.৩ লাখ ছাত্ৰীলৈ এইবাৰ আগবঢ়াব ধন/ একাদশৰ ছাত্ৰীয়ে ১ হাজাৰ টকা, স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীয়ে পাব ১,২৫০ টকা/ স্নাতকোত্তৰ তথা বি এড প্ৰথম বৰ্ষৰ ছাত্ৰীয়ে পাব ২৫০০ টকাকৈ/ বিদ্যালয় প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত/ ২০০৬ চনৰ ১ জানুৱাৰীৰ পূৰ্বে মাটি কিনা বুলি প্ৰমাণ দিলে হ’ব প্ৰাদেশিকীকৰণ/ শৈক্ষিকভাৱে পিছপৰা আৰু ষষ্ঠ অনুসূচীৰ বিদ্যালয়ৰ ক্ষেত্ৰত নিয়ম শিথিল / মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে ২৫ কোটি টকা ধাৰ্য/ চৰকাৰী বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ স্নাতকে এবছৰ লাভ কৰিব ধন/ ২,৫০০ টকাকৈ প্ৰেৰণ কৰিব চৰকাৰে / গৱেষক শিক্ষাৰ্থীয়ে পাব ২৫ হাজাৰ টকা/ দিব্যাংগ গৱেষক শিক্ষাৰ্থীয়ে পাব ৫০ হাজাৰ টকা/ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে ৭৭৩ কোটি টকা ধাৰ্য/ ৫ লাখ টকা পৰ্যন্ত অৰ্থ সাহায্য পাব উদ্যমী যুৱক-যুৱতীয়ে / চৰকাৰী নিযুক্তিৰ সংখ্যা বৃদ্ধি পাব ১ লাখ ৬০ হাজাৰ ৫৯৬ লৈ/ চৰকাৰে প্ৰকাশ কৰিব নিযুক্তি লাভ কৰা সকলোৰে পুস্তিকা/ ৰেচন কাৰ্ড থকা সকলে লাভ কৰিব ৰাজ সাহায্যযুক্ত মচুৰ দাইল/ লগতে পাব এক কিলোগ্ৰামকৈ চেনি আৰু নিমখ/ ৫ জনতকৈ অধিক সদস্য থকা পৰিয়াললৈ অতিৰিক্ত ১ কিলো মচুৰ দাইল/ মচুৰ দাইলৰ বাবদ ২৫ টকা, চেনিৰ বাবদ ২০ টকা দিব চৰকাৰে/ নিমখৰ নামতো ১০ টকা দিব চৰকাৰে / ইয়াৰ বাবে বাজেটত ধাৰ্য ৩৭০ কোটি টকা / ৬.৮ লাখ চাহ শ্ৰমিকৰ প্ৰত্যেককে ৫ হাজাৰ টকা/ বাজেটত আৱণ্টন ৩৪২ কোটি টকা / ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ / OPS আৰু NPSৰ লগতে থাকিব UPS ব্যৱস্থা/ NPSৰ নামত চৰকাৰে জমা দিয়া ধন উভতাই দিলে পাব NPS/ বৃদ্ধি হ’ব আশাকৰ্মী, ৰান্ধনী, অংগনবাড়ী কৰ্মী-সহায়িকাৰ ভাট্টা/ মাষ্টাৰৰোল আৰু ৱৰ্ক-চাৰ্জড কৰ্মচাৰীয়ে পাব ৫০ শতাংশ ঘৰ ভাড়া/ সৌৰশক্তি আঁচনি ল’ব বিচৰা কৰ্মচাৰীক দিব ৫০ হাজাৰ টকা / সুদ নিদিয়াকৈ চৰকাৰী কৰ্মচাৰীয়ে কিনিব পাৰিব বাহন/ ১ হাজাৰ যুৱ লেখকক ২৫ হাজাৰ টকাকৈ দিব চৰকাৰে / গ্ৰন্থমেলা আয়োজনৰ বাবে ২.৫ লাখৰ পৰা ৫ লাখকৈ দিব চৰকাৰে / কিতাপৰ বৰ্ষৰ অধীনত এই আঁচনি গ্ৰহণ/ চৰকাৰী কৰ্মচাৰীক গ্ৰন্থ ক্ৰয়ৰ বাবে দিব ১ হাজাৰ টকাকৈ / ২৫ হাজাৰ নামঘৰ-ধৰ্মীয় অনুষ্ঠানক দিব ৩ লাখ টকাকৈ / ইয়াৰ বাবে বাজেটত ধাৰ্য ৪২০ কোটি টকা/ প্ৰতি ইউনিটত বিদ্যুতৰ মাচুল ১ টকাকৈ হ্ৰাস8/ প্ৰতি মাহত ১২০ ইউনিট খৰচ কৰা সকলক এই সুবিধা/ চৰকাৰে পুনৰ কিনিব ধান, সৰিয়হ, গোমধান/ প্ৰতি কুইন্টল ধানত ২,৫৫০ টকা, সৰিয়হত ৬,৪৫০ টকা/ প্ৰতি কুইন্টল গোমধানত পাব ২,৪৫৭ টকা / ৫০০ কৃষক উৎপাদক সংস্থাক দিব ১০ লাখ টকাকৈ / অসম মালাৰ অধীনত প্ৰতিখন জিলাত ২৫ কি:মি: পথ / শিলচৰত হ’ব নতুন উৰণীয়া সেতু / ডিব্ৰুগড়ত নিৰ্মাণ হ’ব নতুন বিধানসভা ভৱন-বিধায়ক আৱাস/ সম-জিলাসমূহত স্থাপন হ’ব ১৭টা স্থায়ী কাৰ্যালয়/ দৰং জিলাত হ’ব নতুন চিকিৎসা মহাবিদ্যালয়/ জাগীৰোড-পলাশবাৰীত ৮ হাজাৰ কোটি টকা ব্যয়ৰে নতুন টাউনশ্বিপ/ হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে গজ মিত্ৰ দল গঠন/ বন্য জন্তুৰ আক্ৰমণত মৃত্যু হোৱা লোকলৈ ৪-৫ লাখ টকালৈ সাহায্য/ শস্য নষ্টৰ ক্ষতিপূৰণ ৮ হাজাৰ টকালৈ বৃদ্ধি/ প্ৰতি জিলাত হ’ব সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন/ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়লৈ ৫০ কোটি টকা/ মধুপুৰ সত্ৰলৈ ৫০ কোটি টকাৰ প্ৰকল্প/ শিলচৰ আৰু তেজপুৰ বিশ্ববিদ্যালয়ত মুকলি হ’ব অসমীয়া ভাষা/ সকলো বিদ্যালয়তে বাধ্যতামূলক হ’ব অসম ইতিহাস বিষয়/ ডিব্ৰুগড় পলিটেকনিকক ইঞ্জিনিয়াৰিং কলেজলৈ উন্নীত/ এই বছৰত মুকলি কৰিব ৯৭ খন আদৰ্শ বিদ্যালয়/ কম্পিউটাৰ শিক্ষকৰ দৰমহা ২০ হাজাৰ টকালৈ বৃদ্ধি/ ৬০ বছৰলৈ কৰিব পাৰিব চাকৰি / বি টি আৰলৈ ১,১৪৩ কোটি, কাৰ্বি আংলঙলৈ ৬২১ কোটি / উত্তৰ কাছাৰ স্বায়ত্বশাসিত পৰিষদলৈ ৩০৬ কোটি টকা/ বহিঃৰাজ্যত মৃত্যু হোৱা লোকক অনাৰ বাবে বিশেষ আঁচনি/ মুম্বাই আৰু দিল্লীত নতুন অসম ভৱন / মিছন অলিম্পিকৰ অধীনত ৫০০ ল’ৰা-ছোৱালীক দিব প্ৰশিক্ষণ/ ফাঁচী বজাৰৰ পৰা বিমান বন্দৰলৈ হ’ব জল মেট্ৰ’/ গাঁওবুঢ়াৰ ভাট্টা ১৪ হাজাৰ টকালৈ বৃদ্ধি ।

 

https://www.facebook.com/share/v/1HpiUauDhP/

https://www.facebook.com/share/v/14wz5vjybk/

https://www.facebook.com/share/v/1BxwMbsy1m/

You might also like
Leave A Reply

Your email address will not be published.