টকিঅ’ অলিম্পিকত সৰ্বকনিষ্ঠ স্বৰ্ণজয়ী

স্পৰ্টছ ডেস্ক-

অলিম্পিকৰ ইতিহাসত সোণৰ পদক অৰ্জন কৰা সৰ্বকনিষ্ঠ খেলুৱৈৰূপে পৰিগণিত হ’ল জাপানৰ মমিজি নিশ্বিয়া। অলিম্পিকত প্ৰথমবাৰৰ বাবে সংযোজন ঘটা স্কেটবৰ্ডিং ইভেণ্টত নিশ্বিয়াই স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়। টকিঅ’ অলিম্পিকত এই অভিলেখ তথা ইতিহাস ৰচনাৰ ক্ষনত নিশ্বিয়াৰ বয়স ১৩ বছৰ ৩৩০ দিন। আনহাতে নিশ্বিয়াতকৈ বয়সত ১২৭ দিনৰ সৰু ১৩ বছৰ ২০৩ দিনত ভৰি দিয়া ব্ৰাজিলৰ ৰাইছা লীলে উক্ত ইভেণ্টত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হ’ল।।

You might also like
Leave A Reply

Your email address will not be published.