অলিম্পিকত হাৰিয়েই লাভ কৰিলে বিয়াৰ প্ৰস্তাৱ!

স্পৰ্টছ ডেস্ক-

অলিম্পিকৰ পৰা বিদায় লোৱাৰ সময়ছোৱাই নিঃসন্দেহে প্ৰতিগৰাকী অলিম্পিয়ানৰ জীৱনৰ আটাইতকৈ দুখৰ সময়। ফেন্সিং খেলুৱৈ মাৰিয়া ৱেলেন পেৰেজো সন্মুখীন হৈছে অনুৰূপ দুখৰ। তৰোৱালবাজীত নিজৰ অলিম্পিক যাত্ৰা বিফলতাৰে সামৰাৰ পিছত নিৰাশ হৈ পৰিছিল খেলুৱৈ গৰাকী। কিন্তু তেওঁৰ প্ৰশিক্ষক গীলেৰ্মো সাচেডোয়ে অভিনৱ কৌশলেৰে আঁতৰালে সেই দুখ তথা নিৰাশা। তৃতীয় বাৰৰ বাবে অলিম্পিকত প্ৰৱেশ কৰা মাৰিয়া বেলেন পেৰেজাৰ অলিম্পিক যাত্ৰা দেওবাৰে সমাপ্ত ঘটে। দেওবাৰে হাংগেৰীৰ আন্না মাৰ্টিনৰ হাতত ১২-১৫ পইন্টত পৰাজিত হৈ ঘৰমুৱা হবলৈ যো-জা চলোৱা সময়তে প্ৰশিক্ষক গীলেৰ্মো সচেডোৰ পৰা লাভ কৰা এক বাৰ্তাই হতবাক কৰি তুলিলে খেলুৱৈ গৰাকীক। কিয়নো প্ৰশিক্ষক গৰাকীয়ে এখিলা কাগজত পঠোৱা বাৰ্তাটিত আছিল বিয়াৰ প্ৰস্তাৱ। মাৰিয়াই প্ৰশিক্ষকে নিজ হাতেৰে লিখি পঠিওৱা বিবাহৰ প্ৰস্তাৱ অলপো পলম নকৰি গ্ৰহণ কৰে আৰু এই প্ৰস্তাৱটি লাভ কৰাৰ পিছত তেওঁৰ সমস্ত দুখ পাহৰি পেলোৱা বুলি সদৰি কৰে। বিগত ১৭ বছৰে গীলেৰ্মোয়ে মাৰিয়াক প্ৰশিক্ষন দি আহিছিল। উল্লেখ্য যে ২০১০ চনতো প্ৰশিক্ষক গৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ দিছিল মাৰিয়াক। কিন্তু কেৰিয়াৰ গঢ়াৰ স্বাৰ্থতে সেই প্ৰস্তাৱ নাকচ কৰিছিল মাৰিয়াই।।

You might also like
Leave A Reply

Your email address will not be published.