ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত মহানগৰৰ চাফাই কৰ্মীৰ ছাত্ৰ-ছাত্ৰীক অভিনন্দন

ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত মহানগৰৰ চাফাই কৰ্মীৰ ছাত্ৰ-ছাত্ৰীক অভিনন্দন

আমি যিমানেই ডাঙৰ মানুহ বা সফল মানুহ নহও কিয়, আমি কেতিয়াও আমাৰ নিজৰ সমাজখনক পাহৰি যাব নালাগে। সমাজখনক পাহৰিলেই আমি নিজকে পাহৰিবলৈ আৰম্ভ কৰিম’ ৷ এই অভিমত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাৰ ৷ ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ উদ্যোগত কালি সন্ধিয়া ভৰলুমুখস্থিত আলোক ভৱনৰ মধুকৰ লিমায়ে প্ৰেক্ষাগৃহত অনুষ্ঠিত গুৱাহাটী মহানগৰৰ চাফাই কর্মীৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি বশিষ্ঠ বুজৰবৰুৱাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি পুনৰ কয় – আমি সকলোৱে ভালদৰে পঢ়া-শুনা কৰি আগবাঢ়ি যাব লাগিব, আমি ডাক্তৰ, ইঞ্জিনিয়াৰ হব লাগিব, ভাল ব্যৱসায়ী হব লাগিব, কিন্তু ইয়াৰ লগে লগে আমি যিখন সমাজৰ পৰা আহিছোঁ সেইখন সমাজক সংস্কাৰ দিয়া, স্বাৱলম্বী বনুৱা সকলোৰে লগত সমানতাৰে আগবঢ়াই নিয়াৰ কাম আমি কৰিব লাগিব। তেখেতে ডাঃ ভীমৰাও আম্বেদকাৰ দেৱৰ উদ্ধৃতি দি কয় যে – ডাঃ ভীমৰাও আম্বেদকাৰ এজন মহান পণ্ডিত আছিল তেওঁ হিন্দু সমাজখনক সংগঠিত কৰাৰ বাবে নিৰলস কাম কৰি গৈছিল। ডাঃ আম্বেদকাৰে কৈছিল যে ভাৰতীয় দৰ্শন তথা কোনো শাস্ত্ৰতে ভেদ-ভাৱ, অস্পৃশ্যতাৰ কথা উল্লেখ নাই এইয়া সমাজৰ এচাম মানুহে সৃষ্টি কৰিছিল, আৰু তাৰ বাবে সম্পূৰ্ণ হিন্দু সমাজ দায়ী নহয়। আনহাতে বুজৰবৰুৱা ই কয় যে ডাঃ ভীমৰাও আম্বেদকাৰ দেৱক ইছলাম আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ একাংশ প্ৰভাবী লোকে বিভিন্ন প্ৰলোভনেৰে ধৰ্মান্তৰিত কৰাৰ বাবেও প্ৰয়াস চলাইছিল যদিও আম্বেদকাৰে স্পষ্টকৈ কৈছিল যে তেওঁ কোনো ধৰণৰ প্ৰলোভনৰ বশৱৰ্তী হৈ নিজ ধৰ্মৰ পৰা বিচলিত নহয়। তেওঁ কোনো কাৰণতে ধৰ্মান্তৰিত হোৱা নাছিল। তেওঁ ভাৰতৰ অখণ্ডতাৰ বাবে , সমগ্ৰ জীৱন হিন্দু সমাজৰ বাবেই কাম কৰি গৈছিল। হিন্দু সমাজৰ পৰা অস্পৃশ্যতা, ভেদ-ভাৱ, উচ্চ-নিচ এই সকলোবোৰ দুৰ কৰাৰ বাবে তেওঁ কাম কৰিছিল – তেওঁৰ জীৱন আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণা হোৱা উচিত। আনহাতে ডাঃ আম্বেদকাৰে কমিউনিজিমৰ বিৰোধ কৰি স্পষ্টকৈ কৈছিল যে মই যেতিয়ালৈকে থাকো অনুসূচিত জাতিৰ কোনো লোককে কমিউনিজিমৰ বশ হবলৈ নিদিওঁ। ক্ষেত্ৰ প্ৰচাৰক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে আমাৰ সকলোৰে চিন্তা ডাঃ ভীমৰাও আম্বেদকাৰৰ দৰে হোৱা উচিত ৷ আম্বেদকাৰৰ সপোন আমি পূৰণ কৰিব লাগিব , আমাৰ দেশক অৰ্থাৎ ভাৰত মাতাক বিশ্ব গুৰু আসনত অধিষ্ঠিত কৰাব লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। চাফাই কৰ্মীৰ ছাত্ৰী সকলে পৰিৱেশন কৰা বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা প্ৰায় দুই শতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন পত্ৰ, এডালকৈ তুলসী পুলি, গামোচা আদি প্ৰদান কৰা হয়। উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম প্ৰান্তৰ প্ৰান্ত কাৰ্যবাহ খগেন শইকীয়া, মহানগৰৰ সংঘচালক গুৰু প্ৰসাদ মেধিৰ লগতে সৰ্ব শিক্ষা মিছনৰ মিডিয়া বিষয়া দীপা বাস্ফৰ, সদৌ অসম চাফাই কর্মীৰ অধ্যক্ষ বেদনাথ বাস্ফৰ সহ প্ৰায় তিনি শতাধিক লোক উপস্থিত থাকে।

You might also like
Leave A Reply

Your email address will not be published.