হস্ত তাঁত প্ৰশিক্ষণ কেন্দ্ৰত নৱাগত আদৰণি সভা
বৰপেটা জিলাৰ গণককুছি হস্ততাঁত প্ৰশিক্ষন কেন্দ্ৰত ৪ জুনত নতুন কৈ নাম ভৰ্ত্তি হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে নৱগত আদৰণি সভা অনুষ্ঠিত হৈ যায়। শিক্ষা প্ৰতিষ্ঠান খনৰ জ্যেষ্ঠ প্ৰশিক্ষক ফুলেন ৰায় চৌধুৰীয়ে আঁতধৰা অনুষ্ঠানত হস্ততাঁত বিভাগৰ অৱসৰ প্ৰাপ্ত যুটীয়া সঞ্চালক দিব্যজ্যোতি মজুমদাৰে ভাষণ আগবঢ়ায় ছাত্ৰ-ছাত্ৰী সকলক হস্ততাঁত প্ৰযুক্তিৰ শিক্ষা গ্ৰহণত অধিক আগ্ৰহান্নিত হবলৈ আহ্বান জনায়। অসম চৰকাৰৰ হস্ততাঁত গৱেষণা আৰু চানেকি কেন্দ্ৰৰ মুখ্য বিষয়া ড০ জয়ন্ত দেৱ শৰ্মাই প্ৰশিক্ষাৰ্থী সকলক চাকৰীৰ পৰিবৰ্তে নিজে উদ্যোগ গঢ়াত বিশেষ গুৰুত্ব দিবলৈ অনুৰোধ জনায় ইয়াৰ বাবে হস্ততাঁত প্ৰযুক্তিৰ কাৰিকৰী জ্ঞান আয়ত্ব কৰাত মনোযোগ দিবলৈ কয়। হস্ত তাঁত প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে চৰকাৰে যুগুত কৰা বিভিন্ন আঁচনিৰ কথা অনুষ্ঠানত উল্লেখ কৰে উপ সঞ্চালক হেমেন নাথে। হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ পৰিদৰ্শক নৱ চৌধুৰীয়ে সভাত হস্ত তাঁত বস্ত্ৰৰ ব্যাপক চাহিদাৰ কথা উল্লেখ কৰে। বৰপেটা জিলাৰ বিভাগীয় সহকাৰী সঞ্চালক চিত্ত ৰঞ্জন চৌধুৰী, অধীক্ষক হেমলতা মজুমদাৰ, প্ৰাক্তন ছাত্ৰ নাৰায়ন দাস, দেৱব্ৰত বৰুৱা আৰু বৰ্তমানৰ প্ৰশিক্ষক সকলে অনুষ্ঠানত গীত নৃত্য পৰিৱেশন কৰি সকলকে আপ্লুত কৰে।