সৌৰ শক্তিৰ ব্যৱহাৰ বিষয়ক কৰ্মশালাৰ আয়োজন
কামৰূপ জিলাৰ মীন উন্নয়ন বিভাগৰ উদ্যোগত আজি আমিনগাঁৱস্থিত লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাত “একুৱাকালচাৰত সৌৰ শক্তিৰ ব্যৱহাৰ বিষয়” শীৰ্ষক এক দিনজোৰা কৰ্মশালাৰ অনুষ্ঠিত কৰা হয়। সৌৰ শক্তিৰ জৰিয়তে কম খৰচত কি দৰে মৎস্য পালন আৰু সংৰক্ষণ কৰিব পাৰে সেই বিষয়ে কৰ্মশালাত মীন উন্নয়ন বিভাগৰ পৰা প্ৰশিক্ষণ দিয়া হয়। জিলাখনৰ প্ৰায় আগশাৰীৰ ৫০ গৰাকী মৎস্য পালকে এই কৰ্মশালাত অংশগ্ৰহণ কৰে।
কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ। আয়ুক্ত গৰাকীয়ে তেওঁৰ ভাষণত অতি শীঘ্ৰে জিলাখনত সৌৰশক্তিৰ জৰিয়তে মৎস্য পালক সকলে কম খৰচত মৎস্য উৎপাদন কৰি অধিক লাভাৱান হব বুলি সাংবাদিকক জানিব দিয়ে।
উল্লেখ্য যে কামৰূপ জিলাৰ মীন উন্নয়ন বিষয়া ডা: সঞ্চয় শৰ্মাই কৰ্মশালাত মূখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে।
আমিনগাঁৱৰ পৰা নয়ন দাসৰ প্ৰতিবেদন