ভূটানৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ

ভূটানৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ

ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ পৰা ছদিনীয়া ভ্ৰমণসূচী লৈ আজি অসমত উপস্থিত হোৱা এটা ৯ জনীয়া প্ৰতিনিধি দলে আজি কামৰূপ জিলাৰ হাজোস্থিত ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰে।

মন্দিৰ দৰ্শনৰ পিছত প্ৰতিনিধি দলটোৱে জিলাখনত থকা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-গুৱাহাটীত উপস্থিত হয়। প্ৰতিনিধি দলটোৱে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল আৰু অধ্যাপকসকলৰ সৈতে চেণ্টাৰ ফৰ নেন’টেকন’লজীত এক বৈঠকত মিলিত হয়। এই বৈঠকত প্ৰতিনিধি দলটোৱে আই আই টি-গুৱাহাটীৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰে প্ৰযুক্তিগত সহযোগিতাৰ সম্ভাৱ্নীয়তাৰ বিষয়ে আলোচনা কৰে।
বৈঠকৰ সময়ত প্ৰতিনিধি দলটোক আন্তঃগাঁথনি নিৰ্মাণ খণ্ডত বাঁহৰ দৰে স্থানীয় সামগ্ৰীৰ ব্যৱহাৰৰ সম্ভাৱনীয়তা আৰু এই ক্ষেত্ৰত আই আই টি-গুৱাহাটীত চলি থকা গৱেষণাৰ বিষয়ে অৱগত কৰা হয়। এই আলোচনাত ৩ ডি প্ৰিণ্টিঙৰ জৰিয়তে ভৱন নিৰ্মাণ ক্ষেত্ৰত থকা প্ৰযুক্তি বিষয়েও আলোচনা হয়।

এই ভ্ৰমণৰ সময়ত প্ৰতিনিধি দলটোৰ সৈতে গুৱাহাটীত থকা ভূটানৰ কনছুল জেনেৰেল জিগমে থিনল্যে নামগ্যাল আৰু গুৱাহাটীৰ ৰয়েল ভূটানীজ কনছুলেট জেনেৰেলৰ কনছুল ফুৰ্পা চেৰিঙো উপস্থিত থাকে।

You might also like
Leave A Reply

Your email address will not be published.