বিশিষ্ট গৱেষক তিলক চন্দ্ৰ মজুমদাৰৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান

বিশিষ্ট গৱেষক তিলক চন্দ্ৰ মজুমদাৰৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান

সত্ৰীয় সংস্কৃতিৰ সমন্বয় ক্ষেত্র তথা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পদৰেণুৰে ৰঞ্জিত ৰামদিয়াৰ পবিত্ৰ ভূমিত জন্ম গ্ৰহণ কৰি অসমীয়া ভাষা- সাহিত্যৰ সাধক খ্যাতি অর্জন কৰিবলৈ সক্ষম হোৱা ৰামদিয়াৰ সুযোগ্য সন্তান তিলক চন্দ্ৰ মজুমদাৰ বৈকুণ্ঠগামী হোৱাত তেখেতৰ সামাজিক আদৰ্শ, জীৱন দৰ্শন আৰু সাহিত্যকৃতিৰ চয়ন আৰু সোঁৱৰণৰ গুৰুত্বৰ প্ৰতি সন্মান জনাই “ৰামদিয়া জ্ঞানোদয় সাহিত্য সভা” ই আজি ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰে । অনুষ্ঠানৰ লগত সংগতি ৰাখি বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ, ভাগৱত পাঠ কাৰ্যসূচীৰ আয়োজন কৰা হয় । বন্তি প্ৰজ্বলন কৰে প্ৰয়াত তিলক চন্দ্ৰ মজুমদাৰৰ সহধৰ্মিনী উপমা মজুমদাৰে । অনুষ্ঠানত ৰামদিয়া অঞ্চলৰ কেইবাখনো সত্ৰৰ ভকত বৈষ্ণৱ তথা বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।।

হাজোৰ পৰা মৃদুল মজুমদাৰ

You might also like
Leave A Reply

Your email address will not be published.