বিজনীত হাই-স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উতীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আৰ,চি,পিৰ
চিৰাং জিলাৰ বিজনীৰ ড• বি আৰ আম্বেদকাৰ সমূহীয়া ভৱনত ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ চমুকৈ আৰ,চি,পিৰ বিজনী প্ৰখণ্ডৰ উদ্যোগত সদ্য ঘোষিত হাই-স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।
আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত প্ৰায় ২০০ ৰো অধিক কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত কৃতি ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা,মানপত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জনোৱা হয়।
আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ সৰ্বভাৰতীয় সম্পাদিকা তথা অসম প্ৰদেশৰ সভানেত্ৰী ৰানু বুজৰ বৰুৱা, ধুবৰী বিভাগৰ সম্পাদক দীপাংকৰ নাহা,বিজনীৰ বিশিষ্ট সমাজসেৱক ড• সুবীৰ কুমাৰ দাস, বিজনীৰ বিশিষ্ট শিক্ষয়িত্ৰী ক্ৰমে ভদ্ৰাবতি নাথ,বিভা ৰায় সাহা সহ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ,ৰাষ্ট্ৰীয় বজৰং দল ,ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ সদস্য-সদস্যা সকল উপস্থিত থাকে।