মাজুলীৰ ভকত চাপৰি অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক গৰাখহনীয়া
মাজুলী, ৯ জুনঃ ষোল্লখন গাঁৱৰ সমষ্টি, মাজুলীৰ ভকতচাপৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে ব্ৰহ্মপুত্ৰ বৰ্ডে উনপঞ্চাশ (৪৯) কোটি টকা ব্যয়সাপেক্ষে গ্ৰহণ কৰা প্ৰকল্পই সুৰক্ষিত কৰিব পৰা নাই অঞ্চলটো। যাৰবাবে গৰুখূটিৰ পৰা ১ আৰু ২নং পদুমনি অঞ্চলৰ নদীৰ দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰি থকা পৰিয়াল সমূহে ব্ৰহ্মপুত্ৰৰ গড়া খহনীয়াত জাহ যোৱাৰ আশংকাত বিনিদ্ৰ ৰজনী কটাব লগা হৈছে। ৰাইজৰ বহু আবেদন-নিবেদনৰ অন্তত ব্ৰহ্মপুত্ৰ বৰ্ডে পকী পাৰ্কুপাইন সংস্থাপন কৰি খহনীয়া ৰোধৰ চেষ্টা কৰিছে যদিও সেয়া বিজ্ঞানসন্মত আৰু পৰিকল্পিত নোহোৱাৰ অভিযোগ উঠিছে আৰু যাৰ ফলত খহনীয়া বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। এফালে খহনীয়া ৰোধৰ বাবে কাম কৰিলেও উক্ত আঁচনিৰ কাষতে আৰম্ভ হৈছে প্ৰবল খহনীয়া। চকুৰ প্ৰচাৰতে হুৰা-হুৰে অঞ্চলটোৰ ভূমি নদীত জাহ যোৱাত সৰ্বশ্ৰান্ত হোৱাৰ আশংকাত ভূগিছে দৰিদ্ৰ পৰিয়াল সমূহ। উল্লেখ্য ২००৩-৪ বৰ্ষৰপৰা মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ বাবদ কোটি কোটি টকা ব্যয় কৰা ব্ৰহ্মপুত্ৰ বৰ্ডে আজিকোপতি মাজুলীৰ এচপৰা ভূমিও সুৰক্ষা দিয়াত সফল হ’ব নোৱাৰিলে। মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ নামত অপৰিকল্পিত আঁচনি ৰূপায়ণ কৰি অনুমোদিত বৃহৎ ধনৰাশি উদৰস্থ কৰাই বৰ্ডৰ বিষয়া আৰু ঠিকাদাৰৰ লক্ষ্য হোৱাৰ বাবেই মাজুলীৰ খহনীয়া ৰোধৰ ক্ষেত্ৰত বিফল হৈ আহিছে ব্ৰহ্মপুত্ৰ বৰ্ড।