শিক্ষাসেতু এপক লৈ পুনৰ পয়মাল

শিক্ষাসেতু এপক লৈ পুনৰ পয়মাল

শিক্ষা সেতু এপৰ বিসংগতি আৰু কাৰ্য দক্ষতা সম্পৰ্কত শিক্ষক সমাজৰ অভিযোগ দীৰ্ঘদিনীয়া ।সেয়াই যেন পুনৰবাৰ প্ৰতিপন্ন হৈছে শিক্ষা সেতু এপৰ শেহতীয়া তথ্যত । বৰ্তমান ৰাজ্যখনৰ ৪৪,৪৯২ খন বিদ্যালয়ৰ বিপৰীতে ২,০২,৫৬২ গৰাকী কৰ্মৰত শিক্ষকৰ অকৰ্তৃত্বশীলভাৱে অনুপস্থিত থকা শিক্ষকৰ সংখ্যা ২৫,৩৪৪ গৰাকী । এইটো কেনেকৈ সম্ভৱ হৈছে সেইটো আজিৰ দিনত ডাঙৰ প্ৰশ্ন । কি কাৰণত এইদৰে অকৰ্তৃত্বশীলভাৱে বিদ্যালয়ত অনুপস্থিত পঁচিশ সহাস্ৰধিক অশৰীৰী কিম্বা অদৃশ্য শিক্ষকক চৰকাৰী ৰাজকোষৰ পুঁজি অপচয় কৰি দৰমহা আদায় দি আছে । আচলতে হৈছে কি ?
এয়া তথ্য বিভ্ৰাট নে শিক্ষক সমাজে শিক্ষা সেতু এপৰ বিসংগতি সম্পৰ্কত আৰম্ভণিৰ পৰা তথ্য সহকাৰে কৰি অহা অভিযোগৰ সত্যতা পুণৰবাৰ প্ৰতিপন্ন হ’ল ।যিটো এপ অসমত ব্যৱহাৰৰ সফলতাৰ বাবে দুবাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । তেনে ক্ষেত্ৰত এনে অদ্ভুত বিষয় এটা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ।শিক্ষক সমাজক সামাজিক ভাৱে হেয় কৰিব পৰা বিষয় এটা স্পষ্টতা বিচাৰিছে শিক্ষক সমাজে ।যদি শিক্ষা সেতুৰ তথ্য সঁচা তেন্তে তাৎক্ষণিক ভাৱে শিক্ষক সকলৰ তালিকা ৰাজহুৱা কৰক । আনহাতে যদি শিক্ষক সকলে নিয়মীয়াকৈ উপস্থিতি দি থকা স্বত্বেও এপত উপস্থিতি দেখুওৱা নাই তেন্তে শিক্ষক সমাজৰ অভিযোগ স্বীকাৰ কৰি শিক্ষা সেতু এপক বিসংগতিমুক্ত কৰক ।এই দাবী সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ ।উল্লেখ্য যে যোৱা বছৰ জুলাই মাহত শিক্ষা সেতুৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্ন বিসংগতি সম্পৰ্কত শিক্ষক সমাজৰ ধাৰাবাহিক অভিযোগৰ পৰিপ্ৰেক্ষিতত বিষয়টো অৱসানৰ বাবে মুখ্যমন্ত্ৰীয়ে আসোঁৱাহ, অভিযোগ আৰু পৰামৰ্শ গ্ৰহণ কৰি তাৰ নিৰাময় কৰিবলৈ বিদ্যালয় শিক্ষা বিভাগৰ দ্বাৰা No .E-513781/4 dated 09. 07.2024 নিৰ্দেশ মৰ্মে গুৱাহাটী আই আই টিৰ অধ্যাপক পৰমেশ্বৰ কে আয়াৰ , গুৱাহাটী আই আই টিৰ ভাৰপ্ৰাপ্ত সঞ্চালক অধ্যাপক শৰৎ কুমাৰ পাত্ৰ, কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ আৰু তথ্য প্ৰযুক্তি বিভাগৰ সহকাৰী অধ্যাপক ডঃ হিতেন চৌধুৰী আৰু প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালকক সদস্য সচিব হিচাপে লৈ এখন চাৰিজনীয়া সমিতি গঠন কৰি দিছিল । সমিতিখনক ৰাজ্যখন বিভিন্ন আওহতীয়া দহখন বিদ্যালয়ৰ ক্ষেত্ৰত ভিত্তিক তথ্য সংগ্ৰহ কৰিবলৈ কোৱা হৈছিল । ইয়াৰ প্ৰতিবেদন যোৱা বছৰৰ ছেপ্তেম্বৰ মাহত ৰাজহুৱা কৰাৰ কথা ঘোষণা কৰিছিল যদিও আজি ন মাহ অতিক্ৰম কৰাৰ পিছতো এই সম্পৰ্কত কি কৰা হৈছে আমি অৱগত নহয় ।শীঘ্ৰে উল্লেখিত প্ৰতিবেদনখন ৰাজহুৱা হ’ব লাগে আৰু শিক্ষা সেতু এপ ক্ৰুতিমুক্ত হ’ব লাগে । ইয়াৰ পূৰ্বেও অশৰীৰী শিক্ষাৰ্থীৰ অৱস্থিতি সম্পৰ্কতো বিভিন্ন সময়ত বিভিন্ন তথ্য প্ৰকাশ হৈছিল । শিক্ষা সেতু এপ বিসংগতিমুক্ত হওঁক আৰু শিক্ষক, শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানৰ প্ৰকৃত তথ্য আহৰণ কৰি নতুন বাস্তৱমুখী আৰু প্ৰায়োগিক আঁচনিৰে ৰাজ্যখন শিক্ষা খণ্ডৰ বিদ্যায়তনিক পৰিৱেশ উন্নত হওঁক । অসমৰ শিক্ষা ব্যৱস্থা দেশৰ অনকৰণীয় হওঁক ।

You might also like
Leave A Reply

Your email address will not be published.