পূজা আয়োজন ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি
আগন্ত্তক শাৰদীয় দুৰ্গা পূজা শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে পৰিচালনা কৰাৰ বাবে কামৰূপ মহানগৰৰ অধীনস্থ পূজা কমিটিৰ প্ৰতিনিধিসমূহৰ সৈতে কামৰূপ মহানগৰ জিলা আৰু আৰক্ষী প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি জিলা পুথিভঁৰালত অনুষ্ঠিত হয় । আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই যাবতীয় নীতি- নিৰ্দেশনা মানি শান্তিপূৰ্ণ আৰু সুশৃখংলভাৱেভাৱে পূজা উদযাপন কৰিবলৈ সকলো পক্ষলৈ আহ্বান জনায় । কামৰূপ মহানগৰ জিলা প্ৰশাসন, মহানগৰ আৰক্ষী আয়ুক্তসহ যানবাহন আৰক্ষী ,অগ্নিনিৰ্বাপক বাহিনী,আভ্যন্তৰীণ জল পৰিবহণ বিভাগ,গুৱাহাটী পৌৰ নিগম,স্বাস্হ্য বিভাগ,প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মহানগৰ আৰক্ষী প্ৰশাসনে সমাগত দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নীতি নিদেৰ্শনা ( এছ অ’ পি ) জাৰি কৰে । এই সন্দৰ্ভত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে কয় যে জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি পুজা কমিটিসমূহে মহিলা আৰু পুৰুষৰ বাবে পৃথককৈ প্ৰবেশ আৰু প্ৰস্থানৰ ব্যৱস্থা, পূজা সম্পন্ন হোৱাৰ পিছত ঠাইসমূহ পৰিস্কাৰ কৰাৰ লগতে পেলনীয়া সামগ্ৰীসমূহ সঠিকভাৱে নিষ্কাশনৰ ব্যবস্থা কৰিব লাগিব । পূজা কমিটিসমূহে পূজাস্থলীত সঠিকৰূপত চি চি কেমেৰা স্থাপন , স্বেচ্ছাসেৱক (পুৰুষ/মহিলা) নিয়োগ,ৰাজহুৱা ঘোষণা ব্যৱস্থা অৰ্থাৎ মাইকৰ ব্যবহাৰ কৰাৰ লগতে প্ৰশাসনৰ নীতি -নিয়ম মানি পূজা অনুষ্ঠিত কৰিবলৈ যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে আহ্বান জনায় । ভক্তসকলৰ সুৰক্ষাৰ স্বাৰ্থত অৰ্থাৎ জৰুৰীকালীন পৰিস্থিতিৰ বাবে পূজাথলীৰ সমীপত অলপ খালী ঠাই ৰখাৰ উপৰি পূজা পেণ্ডেলত ” সুৰাপান নিষিদ্ধ এলেকা” কৰাৰ বাবে আহ্বান জনায় । বিসৰ্জনৰ শোভাযাত্ৰাৰ সময় আগতীয়াকে জিলা প্ৰশাসনক জনোৱাৰ লগতে নিচাযুক্ত দ্ৰব্য সেৱন কৰি পৰিৱেশ যাতে বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিবলৈ পূজা কমিটিসমূহক তেওঁ পৰামৰ্শ আগবঢ়ায় । সেইদৰে, যানবাহনৰ নিৰ্দেশনা মানি চলিবলৈ নিৰ্দেশ দিয়ে । আনৰ অসুবিধা নোহোৱাকৈ দায়িত্ব সহকাৰে উৎসৱ -পাৰ্বণ পালন কৰি যাবলৈ যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে সকলোকে আহ্বান জনায় । অতিৰিক্ত জিলা আয়ুক্ত অজিত কুমাৰ শৰ্মাই প্ৰতিটো পূজা মণ্ডপত অগ্নিনিৰ্বাপক বাহিনীৰ সজুলি,শুকান বালি ভৰোৱা বাল্টি মজুত ৰাখিবলৈ আহ্বান জনায় । দূৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হ’লে জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰৰ ০৩৬১-১০৭৭ আৰু ৯৩৬৫৪-২৯৩১৪ নম্বৰত যোগাযোগ কৰিবলৈ তেওঁ নিৰ্দেশ প্ৰদান কৰে । আজিৰ এই বৈঠকত পশ্চিম গুৱাহাটী জিলাৰ উপ- আৰক্ষী আয়ুক্ত পদ্মনাভ বৰুৱা, মহকুমা দণ্ডাধীশ কংকন শৰ্মা,যানবাহন আৰক্ষীৰ উপ -আয়ুক্ত জয়ন্ত সাৰথি বৰা ,মহানগৰ আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱাৰ উপ -আয়ুক্ত ধ্ৰুব বৰা,গুৱাহাটী পৌৰ নিগমৰ যুটীয়া সচিব ড০ ধ্ৰৱজ্যোতি হাজৰিকা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: অপূৰ্ব কৃষ্ণ শৰ্মা,প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ অভিযন্তা ,জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী প্ৰমুখ্যে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।