ASSAM | Health Tipes : ঠাণ্ডা দিনত জ্বৰ আৰু চৰ্দীৰ সমস্যা পৰা কেনেদৰে হাত সাৰিব?

ঠাণ্ডা দিনত জ্বৰ আৰু চৰ্দীৰ সমস্যা পৰা কেনেদৰে হাত সাৰিব?

ডিজিটেল ডেস্ক: ঠাণ্ডা দিনত ডাঙৰৰ পৰা সৰু লৰা-ছোৱালীলৈকে জ্বৰ আৰু চৰ্দীৰ সমস্যা সঘনাই বৃদ্ধি পায়। ঋতু সলনি হোৱাৰ লগে লগে আমি প্ৰায় সকলোৱে ভোগা এটি ৰোগেই হ’ল চৰ্দি জ্বৰ। এনে সময়ত কাহ, এলাৰ্জি আৰু শ্বাস কষ্টও দেখা দিয়ে। জ্বৰ হয় আৰু কফ বৃদ্ধি হৈ শ্বাস ৰোগে দেখা দিয়ে। শাৰীৰিকভাৱে দুৰ্বল ব্যক্তিৰ ওপৰত চৰ্দিৰ কুপ্ৰভাৱ বেছিকৈ পৰে।

এই ঋতুত শৰীৰৰ ভিতৰত উষ্ণতাই পেটত স্থিত জঠৰাগ্নি বৃদ্ধি কৰি প্ৰবল কৰি তোলে। ই গধুৰ আৰু অধিক মাত্ৰাৰ ভোজন পাচন কৰাবলৈ সমৰ্থ হয়। সেয়ে শীত ঋতুত পৌষ্টিক আহাৰ বিশেষ ভাৱে সেৱন কৰা উচিত।ঠাণ্ডাত হৃদৰোগো বঢ়াৰ সম্ভাৱনা থাকে কাৰণ এই সময়ত চৰ্দিৰ বাবে হৃদযন্ত্ৰ সংকুচিত হয়। আহাৰত এনে দ্ৰব্য সন্নিবিষ্ট কৰা উচিত যিবোৰ চৰ্বি যুক্ত, মধুৰ, লৱণ আৰু আম্লৰস যুক্ত পৌষ্টিক আৰু শৰীৰত বল প্ৰদানকাৰী হয়।
সেয়ে ঠাণ্ডা দিনত জ্বৰ আৰু চৰ্দীৰ সমস্যা পৰা কেনেদৰে হাত সাৰিব কেইটামান টিপচ জানি লওক…

তুলসী : তুলসী পাতৰ ৰস সেৱন কৰক।

গৰম ভাপ লোৱা: গৰম পানীৰ ভাপ লওক, ই নাক বন্ধ হোৱা আৰু ডিঙিৰ বিষ কমায়।

যদি জ্বৰ-চৰ্দিৰ লক্ষণবোৰ বাঢ়ি যায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

আপোনাৰ যদি জ্বৰ আৰু চৰ্দীৰ সমস্যা হৈ আছে তেন্তে অন্য লোকৰ সংস্পৰ্শলৈ নাহিব।

মাস্ক পৰিধান কৰক।

যিমান পাৰে পৌষ্টিক আহাৰ গ্ৰহণ কৰিব ।

লগতে পঢ়ক: ASSAM | Beauty tips : ঠাণ্ডা দিনত আপোনাৰ চালখনৰ যত্ন কি দৰে লব জানেনে?

You might also like
Leave A Reply

Your email address will not be published.