যোৱা ২৪ ঘণ্টাৰ পৰা দেশবাসীৰ মুখত আটাইতকৈ চৰ্চিত বিষয় ‘হাইৱেৰ পৰা ৰানৱে’

যোৱা ২৪ ঘণ্টাৰ পৰা দেশবাসীৰ মুখত আটাইতকৈ চৰ্চিত বিষয় 'হাইৱেৰ পৰা ৰানৱে'

যোৱা ২৪ ঘণ্টাৰ পৰা দেশবাসীৰ মুখত আটাইতকৈ চৰ্চিত বিষয় ‘হাইৱেৰ পৰা ৰানৱে’

কংগ্ৰেছৰ দিনত নিৰাপত্তাহীনতাত ভোগা অসমবাসীয়ে বিজেপি চৰকাৰৰ দিনত সুৰক্ষিতভাবে উন্নয়নৰ সপোন ৰচিছে

পাকিস্তান প্রেম পুহি ৰখা গৌৰৱ গগৈয়ে ভাৰতবৰ্ষৰ নিৰাপত্তাক লৈ আপোচ কৰাটো একো ডাঙৰ কথা নহয়ঃ ৰাজ্যিক বিজেপি

ডিজিটেল ডেস্কঃ ‘হাইৱেৰ পৰা ৰানৱে’ এই এটা বিষয়ে যোৱা ২৪ ঘন্টাৰ পৰা আলোড়িত কৰি ৰাখিছে সমগ্ৰ ভাৰতবাসীক। দেশৰ সকলো নাগৰিকৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা বিশেষজ্ঞলৈ সকলোৱে দেশৰ নিৰাপত্তাৰ মানচিত্ৰত নতুনকৈ সংযোজিত হোৱা মাৰণৰ ৰাজপথৰ সৰ্বত্ৰে চৰ্চা কৰাৰ লগতে শলাগ লৈছে। প্ৰতিৰক্ষাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ হিচাপে বহিঃৰাষ্ট্ৰৰ পৰা আহিবলগীয়া সাম্ভাব্য ভাবুকিৰ প্রত্যাহ্বান জনাবলৈ বায়ু সেনা বাহিনীৰ যুদ্ধ বিমান উৰণ আৰু অৱতাৰণ কৰিব পৰা মৰাণৰ ৰাজপথে দেশবাসীৰ লগতে অসমবাসীকো সুৰক্ষিত কৰি ৰাখিব। আন এক উল্লেখযোগ্য পদক্ষেপ হিচাপে গহপুৰ নুমলীগড় সংযোগী ব্রহ্মহ্মপুত্ৰৰ তলেৰে ১৮,৬০০ কোটি ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া প্রায় ১৫ কিলোমিটাৰ দীঘলীয়া ৰে’ল আৰু যান-বাহন একেলগে চলিব পৰা সুৰংগই প্ৰতিৰক্ষাৰ দিশত নতুন ধাৰা সংযোজন কৰিব। তদুপৰি কেন্দ্রীয় ৰে’লমন্ত্রী অশ্বীনি বৈষ্ণৱে চীকেন নে’কৰ তলেৰে ২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ নির্মাণেৰে ৰে’ল চলাচলৰ কথা ঘোষণা কৰিছে।

ADVERTISEMENT

 

 

 

 

চীকেন নে’কৰ বিৰুদ্ধে শত্রুৰাষ্ট্র পাকিস্তানৰ লগতে বাংলাদেশৰ পৰা অহা ভাবুকি তথা উত্তৰ-পূৰ্বাঞ্চলক দেশৰ মানচিত্ৰৰ পৰা বিচ্ছিন্ন কৰাৰ ষড়যন্ত্রক প্রতিৰোধ কৰিবলৈ এই সুৰংগই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। আজি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা প্ৰেছ বিবৃতিযোগে দলৰ মুখপাত্র প্রাঞ্জল কলিতাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰি কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমৰ জনতাই নিৰাপত্তাহীনতাৰ অভাৱত দিন কটোৱাৰ সলনি কেন্দ্ৰীয় চৰকাৰৰ সুপ্ৰচেষ্টাত উন্নয়নৰ নতুন সপোন ৰচিবলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ লগতে বহিঃৰাষ্ট্ৰসমূহৰ পৰা অহা নিৰপত্তাজনীত ভাবুকিও প্রতিহত হৈছে। সুযোগ পালেই অসম তথা উত্তৰ-পূর্বাঞ্চলক ভাৰতৰ মূল ভূখণ্ডৰ পৰা বিচ্ছিন্ন কৰি শত্রুৰাষ্টৰ হাতত গতাই দিব বিচৰা কংগ্ৰেছ চৰকাৰৰ কুঅভিসন্ধি সর্বজন বিদিত। মিছন কমিছনৰ সমর্থনেৰে উত্তৰ-পূৰ্বাঞ্চল তথা অসমক বাংলাদেশ অর্থাৎ পূর্ব-পাকিস্তানৰ সৈতে চামিল কৰাৰ নেহেৰৰ অভিপ্রায়ক গোপীনাথ বৰদলৈয়ে প্রতিহত কৰিছিল। একেদবে ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ সময়তো উত্তৰ-পূৰ্বাঞ্চললৈ অধিক নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰাৰ সলনি কংগ্ৰেছী প্রধানমন্ত্রী জৱাহৰলাল নেহেৰুৱে ৰেডিঅ’ যোগে অসম তথা উত্তৰ-পূর্বাঞ্চলক বিদায় জনাইছিল। তাৰ পিছতো ক্ষান্ত নাথাকি কংগ্রেছী নেতা তথা মন্ত্রী সকলে অসমত বাংলাদেশৰ পৰা অহা মিঞাসকলক সংস্থাপনেৰে অসমৰ ভাষা, সংস্কৃতি তথা অর্থনীতিলৈ আক্রমণত সহায় কৰি আহিছে। এতিয়া একেই পথ অনুকৰণ কৰি অসম প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও দেশৰ অখণ্ডতাৰ প্রতি প্রশ্ন কৰি দেশবিৰোধীৰ পৰিচয় দিছে। সংসদত ভাৰতৰ উপকূলীয় ৰাডাৰ প্ৰণালী কিমান দূৰত্ব ভেদিবলৈ সক্ষম তথা এই বাডাৰৰ সংখ্যা কিমান, এইধৰণৰ প্রশ্নেৰে সাধাৰণ মানুহৰ মাজত ইতিমধ্যে গৌৰৱ গগৈয়ে দেশৰ নিৰাপত্তাজনীত খবৰ শত্ৰুৰাষ্ট্ৰক যোগান ধৰাৰ সন্দেহ জন্মাইছে। মৰাণৰ বায়ুসেনাৰ বিমান উৰণ আৰু অৱতাৰণ কৰিব পৰা ঘাইপথে অসম তথা ভাৰতৰ লাভ লোকচানৰ বিচাৰ কৰা গৌৰৱ গগৈক অসমৰ জনসাধাৰণে ধিক্কাৰ দিছে। পাকিস্তান প্রেম পুহি ৰখা গৌৰৱ গগৈয়ে ভাৰতবৰ্ষৰ নিৰাপত্তাক লৈ আপোচ কৰাটো একো ডাঙৰ কথা নহয় বুলি বিজেপিৰ মুখপাত্র গৰাকীয়ে কংগ্ৰেছ সভাপতি গৰাকীক চোকা সমালোচনা কৰে। অসম তথা ভাৰত বিৰোধী স্থিতি কংগ্ৰেছৰ জন্মগত আদর্শ বুলি সাংবাদ মাধ্যমক মুখপাত্র গৰাকীয়ে মত প্রকাশ কৰে।

You might also like
Leave A Reply

Your email address will not be published.