Assam | Assam Budget 2026-27: বিত্ত মন্ত্ৰী অজন্তা নেওগৰ বাজেট লেখানুদানৰ হাইলাইট

বিত্ত মন্ত্ৰী অজন্তা নেওগৰ বাজেট লেখানুদানৰ হাইলাইট

নিউজ ডেস্ক,১৭ ফেব্ৰুৱাৰী: ২০২৬-২৭ বৰ্ষৰ বিত্তীয় লেখানুদান দাখিল বিত্ত মন্ত্ৰী অজন্তা নেওগৰ।
সম্পূৰ্ণ বাজেট উপস্থাপন নকৰালৈকে এই লেখানুদান দাখিল।
৬২,২৯,৪৭৮.৩০ লাখ টকাৰ অনুদান মঞ্জুৰি বিচাৰি লেখানুদান উপস্থাপন।
২০৩০ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতি হ’ব অসমত।
২০২৬-২৭ চনত অসমৰ বিকাশৰ হাৰ হ’ব ১৬.৯৩ শতাংশ।

যোৱা ৫ বছৰত ২৫ হাজাৰ কোটি টকাৰ অনুদান কেন্দ্ৰীয় চৰকাৰৰ।
আলফা শান্তিচুক্তিৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে ৩ হাজাৰ কোটি টকা।
ৰাজ্যৰ জনমূৰি আয় ৮৩ শতাংশ বৃদ্ধি।
বাজেটৰ পুঁজি ব্যৱহাৰ ৮৫ শতাংশলৈ বৃ্দ্ধি ৰাজ্যত।
ঋণ লোৱা ৰাজ্যসমূহৰ ভিতৰত অসম আছে ২১ নং স্থানত।
নুমলীগড় শোধনাগাৰত অসম চৰকাৰৰ অংশীদাৰিত্ব ৫,১০০ কোটি টকালৈ বৃদ্ধি।
অহা বছৰৰ ভিতৰত অসমে লাভ কৰিব ৫০ হাজাৰ কোটি টকাৰ কেন্দ্ৰীয় পুঁজি।
ৰাজ্যিক ঘৰুৱা উৎপাদন ২০১৯-২০ৰ পৰা ২০২৪-২৫ বৰ্ষত ৪৫ শতাংশ বৃদ্ধি।
২০২৪-২৫ বৰ্ষ পৰ্যন্ত নিজা কৰ ৰাজহ সংগ্ৰহ ৩০,০৫২ কোটি টকা হৈছে।
ৰাজ্যৰ নিজা উৎসৰ ৰাজহ ৩৭ শতাংশ বৃদ্ধি।

যোৱা ৫ বছৰত অসমত ৩,০০১ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ।
মৈত্ৰী আঁচনিৰ অধীনত ১১২ খন থানা আধুনিকীকৰণ কৰা হৈছে।
মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৩০.৬৩ লাখ মহিলালৈ ধন।
মাইক্ৰ’ফাইনেন্সৰ ঋণ লওঁতাৰ নামত ২,৩০৪ কোটি টকা প্ৰদান।
চাহ উদ্যোগৰ ২০০ বছৰ উপলক্ষে ৬ লাখ চাহ শ্ৰমিকক ৫ হাজাৰ টকাকৈ প্ৰদান।
যোৱা ৫ বছৰত ৰাজ্যত ১.৫৮ লাখ যুৱক-যুৱতীক চাকৰি।
২৫ হাজাৰ যুৱক-যুৱতীক ১ লাখ টকাকৈ প্ৰদান।
বৃদ্ধ পেঞ্চন ২৫০ টকাৰ পৰা ৪০০ টকালৈ বৃদ্ধি।
বিধৱা পেঞ্চন ৩০০ টকাৰ পৰা ১২৫০ টকালৈ বৃদ্ধি।
ৰাজ্যৰ ৭০.৭১ লাখ পৰিয়ালক বিনামূলীয়া চাউল প্ৰদান

 

ADVERTISEMENT

 

 

 

GMCHত প্ৰট’ন থেৰাপী মেচিন স্থাপনৰ বাবে ৫০০ কোটি টকা ব্যয়।
ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া কৰাৰ বাবে ৭৮০ কোটি টকা প্ৰদান।
৫ বছৰত অসম মালা আঁচনিৰ অধীনত ৮,৪২১ কোটি টকা ব্যয়েৰে ৭৬৭ কিলোমিটাৰ পথ নিৰ্মাণ।
হাতীয়ে নষ্ট কৰা শস্য ক্ষতিৰ পৰিমাণ ৭,৫০০ টকাৰ পৰা ৮ হাজাৰ টকালৈ বৃদ্ধি।
২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ১.৩০ লাখ পৰিয়ালক বিদ্যুৎ সংযোগ প্ৰদানৰ লক্ষ্য।

যোৱা ৫ বছৰত ১৭,০৭,৯৮৭ টা PMY ঘৰ নিৰ্মাণ।
ৰাজ্যত ৯০ হাজাৰ সৌৰ ছাদ নিৰ্মাণৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।
অসমত মৎস্য উৎপাদন ৮০ শতাংশ বৃদ্ধি হৈ ৫.২৯ লাখ মেট্ৰিকটন হৈছে।
অসম আদৰ্শ গ্ৰাম্য যোজনাৰ অধীনত ২৫৬ কোটি টকা ব্যয় কৰিব।
ৰাজ্যৰ কৃষকৰ পৰা ৫,৫০০ কোটি টকাৰ ধান ক্ৰয় ৰাজ্য চৰকাৰৰ।
২৬.১৯ লাখ মেট্ৰিক টন ধান ক্ৰয় চৰকাৰৰ।

চাহ উদ্যোগক উদগনি দিয়াৰ বাবে ১,৯১৪ খন বাগিচালৈ ৩৯২ কোটি টকা প্ৰদান।
অসম বিনিয়োগ সন্মিলন ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱ লাভ।
লাখপতি বাইদেউৰ আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ত প্ৰদান কৰিব ২৫ হাজাৰ টকাকৈ।
চাহ বাগিচাৰ ৩.৮ লাখ পৰিয়ালক প্ৰদান কৰা হ’ব ভূমিৰ অধিকাৰ।
নগৰ অঞ্চলত বৰ্তমান ২৩.৮১ ঘণ্টাকৈ, গ্ৰাম্য় অঞ্চলত ২৩.৪০ ঘণ্টাকৈ বিদ্যুৎ যোগান।
যোৱা ৫ বছৰত ১ হাজাৰ মেগাৱাট সেউজ শক্তি সক্ষমতা সংযোজন।
৩ হাজাৰ মেগাৱাট সৌৰ-বেটেৰী চালিত শক্তি উৎপাদন কৰিব।
৪৬০০ মেগাৱাট ক্ষমতাৰ চাৰিটা পাম্পড ষ্টোৰেজ প্ৰকল্প স্থাপন কৰিব চৰকাৰে।
লগতে চলি আছে ৩২০০ মেগাৱাট শক্তিসম্পন্ন অত্যাধুনিক তাপ বিদ্যুৎ প্ৰকল্পৰ কাম।
নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প শীঘ্ৰেই আৰম্ভ হ’ব।
ফলত ৰাজ্যৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতা ১৩০০ মেগাৱাটলৈ বৃদ্ধি পাব।

নিযুত মইনা আঁচনিৰ ফলত বিদ্যালয় এৰা ছাত্ৰীৰ হা ৮.২ শতাংশ হ্ৰাস।
হাইস্কুল পৰ্যায়ত বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ৭.৫ শতাংশ হ্ৰাস।
অৰ্থডক্স চাহ উৎপাদনৰ ৰাজ সাহায্য় ১০ টকাৰ পৰা ১৫ টকালৈ বৃদ্ধি।

২০২৫-২৬ বিত্তীয় বৰ্ষত অৰ্থডক্স চাহৰ ৰপ্তানিৰ পৰিমাণ ৪০ মিলিয়ন কেজি বৃদ্ধি।
তেজপুৰ-বাইহাটা চাৰিআলিৰ মাজত নিৰ্মাণ হ’ব চাৰি লেনযুক্ত পথ।
নগাঁও-মৰিগাঁও আৰু দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত হ’ব আন এখন দলং।
গুৱাহাটী বিমানবন্দৰৰ পৰা জাগীৰোডলৈ হ’ব এলিভেটেড কৰিড’ৰ।
গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ হ’ব এক্সপ্ৰেছ ক’ৰিডৰ।
নগাঁও, ডিফু, উমৰাংছ’, মাজুলী আৰু মানাহত ৫ টা নতুন বিমান বন্দৰ নিৰ্মাণৰ প্ৰস্তাৱ দিব কেন্দ্ৰক।
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত সামৰি ল’ব ৫ লাখ যুৱক-যুৱতীক।
গুৱাহাটী, জাগীৰোড আৰু পলাশবাৰীক সংযোগ কৰি নগৰীয়া উদ্যোগীকৰণ কৰিড’ৰ নিৰ্মাণ কৰিব চৰকাৰে।

You might also like
Leave A Reply

Your email address will not be published.