কোনো স্বাভিমানী অসমীয়া বা হিন্দু কংগ্রেছত থাকিব নোৱাৰেঃ ড০ দেৱজিৎ মহন্ত

No self-respecting Assamese or Hindu can stay in Congress: Dr. Devjit Mahanta

কোনো স্বাভিমানী অসমীয়া বা হিন্দু কংগ্রেছত থাকিব নোৱাৰেঃ ড০ দেৱজিৎ মহন্ত

কংগ্ৰেছত আভ্যন্তৰীণ গণতন্ত্র নাই, স্বৈৰাতন্ত্র আছেঃ ড০ দেৱজিৎ মহন্ত

ডিজিটেল ডেস্কঃ কোনো খিলঞ্জীয়া স্বাভিমানী অসমীয়া বা হিন্দু কংগ্রেছত নাথাকে বা থাকিব নোৱাৰে। পেৰাঢ্যুটেৰে ৰাজনীতিত লেন্ডিং কৰা গৌৰৱ গগৈ যদি তৰুণ গগৈৰ পুত্ৰ নহ’লেহেতেন তেনেহ’লে প্রদেশ কংগ্ৰেছৰ সভাপতি হ’লহেঁতেনে? অসম প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ সন্দর্ভত সংবাদমেলত এই মন্তব্য কৰে বিজেপিৰ মুখপাত্র ড০ দেৱজিৎ মহন্তই।

দলৰ আভ্যন্তৰীণ গণতন্ত্রত বিশ্বাসী ভাৰতীয় জনতা পার্টিয়ে প্রতিটো সমষ্টিতে সাম্ভাব্য প্রার্থী তালিকা প্ৰস্তুত কৰিবৰ বাবে ৰাই চুমাৰী অর্থাৎ বেলটৰ জৰিয়তে ভোটগ্রহণ ব্যবস্থা যোৱা ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত প্ৰণয়ন কৰিছে। প্ৰতিগৰাকী আপেক্ষিক ভোটাৰে নিজৰ সমষ্টিৰ বাবে তিনিগৰাকী প্ৰাৰ্থীৰ নাম নিৰ্বাচনৰ জৰিয়তে নির্ধাৰিত হ’ব প্রার্থী পেনেল। বিপৰীতে সংবাদমেলত ৬০ মহন্তই অভিযোগ কৰে যে কংগ্ৰেছ দলত কোনো আভ্যন্তৰীণ গণতন্ত্র নাই। অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে গঠিত কংগ্ৰেছৰ স্ত্রীনিং কমিটিৰ অধ্যক্ষ প্রিয়ংকা গান্ধীৰ সাম্ভাব্য অসম ভ্রমণ কৰিব লগা কাৰ্যসূচী ইতিমধ্যে স্থগিত ৰাখিব লগা হৈছে ভূপেন বৰাৰ পদত্যাগৰ বাবে। কংগ্ৰেছৰ স্ত্রীনিং কমিটিৰ দুগৰাকী সদস্য ইমৰান মাছুড আৰু চটগুৰি উলকাই সাম্ভাব্য প্রার্থী তালিকা প্রস্তুত কৰাৰ বাবে ভ্ৰমণ কৰিছে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজী, শোণিতপুৰ, বিশ্বনাথ, লক্ষীমপুৰ। এই ভ্ৰমণত গৌৰৱ গগৈয়ে ইমৰাণ মাছুড আৰু চটগুৰি উলকাৰ লগত পঠিয়াইছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, বৰপেটাৰ বিধায়ক আব্দুল ৰহিম আৰু লাহৰিঘাটৰ বিধায়ক আছিফ নজৰক।

ADVERTISEMENT

 

 

 

 

 

ৰাজনীতিত পেৰাছ্যুট লেন্ডিং কৰা গৌৰৱ গগৈয়ে ভূমিপুত্র অধ্যুষিত উজনি অসমত হিন্দু বিধায়কৰ পৰিৱৰ্তে কিয় মুছলমান বিধায়কক নিযুক্তি দিলে বুলি প্ৰশ্নৰ উত্থাপন কৰে ড০ মহন্তই। মিঞা প্রীতি দেখুৱাবৰ বাবেই গৌৰৱ গগৈয়ে কিছুদিন পূর্বে মাজুলী পৰিভ্ৰমণৰ সময়ত ৰকিবুল হুচেইনক লগত লৈ গৈছিল বুলি সংবাদমেলত উল্লেখ কৰে ড০ মহন্তই। ভূপেন বৰাৰ বিজেপিত যোগদান সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৬০ মহন্তই কয় যে ভূপেন বৰাই ইচ্ছা কৰিলে পদত্যাগৰ পিছত তেওঁৰ ঘৰলৈ যোৱা গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়াৰ আগত ধুবুৰী, দলগাঁও, বাঘবৰ, মানকাছাৰ, ধিং, ৰূপহীহাট আদিৰ দৰে সুৰক্ষিত আসন এখন বিচাৰি পদত্যাগ পত্র উঠাই ল’ব পাৰিলেহেঁতেন। কিন্তু ভূপেন বৰাই ৩২ বছৰীয় কংগ্ৰেছত থকা অভিজ্ঞতাৰ ভিত্তিত বুজি পাইছে যে আজিৰ কংগ্ৰেছ এপিচিচি হৈ থকা নাই আজিৰ কংগ্ৰেছ এপিচিচি আৰলৈ ৰূপান্তৰ হৈছে। সেই কথা ভূপেন বৰাই নিজে স্বীকাৰ কৰি কৈছে যে সুদূৰ ভৱিষ্যতে যাতে বিহপুৰীয়া বা নৱগঠিত ৰঙানদীত নির্বাচন খেলিব নোৱাৰে তাৰ বাবে প্রদেশ কংগ্ৰেছৰ সভাপতি হৈ থকা সময়তে চামগুৰিত উপ-নির্বাচন খেলিবলৈ কিছু তথাকথিত প্রভাবশালী ব্যক্তিৰ প্ৰৰোচনাত কংগ্ৰেছৰ কিছু নেতৃত্বই তেওঁক হেচা প্রয়োগ কৰিছিল। ড০ মহন্তই কংগ্ৰেছত যে আভ্যন্তৰীণ গণতন্ত্র নাই স্বৈৰতন্ত্ৰহে আছে সেই সন্দর্ভত ভূপেন বৰাৰ কথাৰ উদ্ধৃতিৰে কয় যে ভূপেন বৰাই নিসহায় ভাৱে উল্লেখ কৰিছে যে তেওঁ নিজে অসম প্রদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকোতে গম নাপায় যে কোন উচ্চ পদবীধাৰী নেতাৰ কৃপাধন্য হৈ কংগ্রেছত আনুষ্ঠানিকভাৱে যোগদান নকৰা ব্যক্তি এগৰাকীক বিহালী উপ-নির্বাচনত কংগ্ৰেছৰ প্রার্থীত্ব দিলে।

ড০ মহন্তই সংবাদমেলত উল্লেখ কৰে যে গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণৰ পিছত অসম কংগ্ৰেছৰ সভাপতিৰূপে অসমত শেহতীয়ভাবে মুছলমান প্রীতি কৰিবলৈ গৈ নিজে এগৰাকী আহোম সন্তান হিচাপে খিলঞ্জীয়া ভূমিপুত্রক অপমান কৰিছে। সময়ে কেতিয়াও গৌৰৱ গগৈক ক্ষমা নকৰে।

You might also like
Leave A Reply

Your email address will not be published.