প্রিয়ংকা গান্ধীৰ সৈতে অসমলৈ অহা কোন এই ইমৰাণ মাছুদ?

প্রিয়ংকা গান্ধীৰ সৈতে অসমলৈ অহা কোন এই ইমৰাণ মাছুদ?

কংগ্ৰেছৰ প্রার্থী বাছনিৰ দায়িত্ব উগ্র ইছলামিক মৌলবাদী নেতাক

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী ২০২৬ঃ “আজি প্রিয়ংকা গান্ধীৰ লগত কংগ্ৰেছৰ স্ক্রিণিং কমিটিৰ সদস্য হিচাপে অসমলৈ অহা ইমবাণ মাছুদ কোন? এই ইমৰাণ মাছুদৰ মৌলবাদী ভূমিকাৰ বিষয়ে জনাৰ পিছত প্রতিগৰাকীয়েই দেশপ্রেমিক অসমীয়াই কংগ্রেছক ঘৃণাৰে ওপচাই পেলাব।”

আজি বাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভবনত আয়োজিত এক সংবাদমেলত মুখপাত্র কমল কুমাৰ মেধিয়ে কংগ্ৰেছৰ স্ক্রিণিং কমিটিৰ সদস্য হিচাপে অসমৰ দায়িত্ব লোৱা ইমৰাণ মাছুদ সম্পর্কে বিস্ফোৰক মন্তব্য প্রকাশ কৰে। সংবাদমেলত কমল কুমাৰ মেধিয়ে কয় যে আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে সুদূৰ উত্তৰ প্ৰদেশৰ উগ্র ইছলামিক নেতাক অসমৰ দায়িত্ব অর্পণ কৰিছে। কংগ্ৰেছৰ অসমৰ বিধানসভা নিৰ্বাচনৰ স্ক্রিণিং সমিতিৰ সদস্য হিচাপে কংগ্রেছে দায়িত্ব অর্পণ কৰা ইমৰাণ মাছুদ ধর্মীয় সংঘাত সৃষ্টিৰ বাবে উত্তৰ প্রদেশতে কুখ্যাত আখ্যা দিয়ে। তেনে এগৰাকী ব্যক্তিক অসমৰ দায়িত্ব অর্পণ কৰি বাহুল গান্ধীয়ে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ নেতৃত্বত অসমক পুনৰ অশান্ত কৰাৰ কু-অভিসন্ধি ৰচনা কৰিছে।

 

ADVERTISEMENT

 

২০১৪ চনৰ লোকসভা নির্বাচনৰ প্রাকক্ষণত ২৯ মার্চত উত্তৰ প্ৰদেশৰ সাহাৰাণপুৰ লোকসভা সমষ্টিৰ প্রার্থী ইমৰান মাজুদে নির্বাচনী প্রচাৰ সভাত নৰেন্দ্র মোদীক টুকুৰা-টুকুৰকৈ কাটিম বুলি মন্তব্য কৰিছিল। ৪ শতাংশ মুছলমান থকা গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৪২ শতাংশ মুছলমান থকা উত্তৰ প্রদেশত মোদীক আক্রমণ অথবা হত্যা কৰিবলৈ ভয় নকৰে বুলি কৈছিল। তাৰ পৰৱৰ্তী সময়তে নির্বাচনত ঘৃণা বিয়পোৱা ভাষণ দিয়াৰ বাবে ইমৰাণ মাছুদক জেললৈ প্রক্ষেপ কৰিছিল আৰু ২০১৪ ৰ নির্বাচনত মাছুদ পৰাজিত হৈছিল। ইমৰান মাছুদে ২০২৫ চনৰ ১২ নৱেম্বৰত দিল্লীৰ লালকিলাৰ সন্মুখত হোৱা আত্মঘাতী বোমা বিস্ফোৰণকাৰীৰৰ পক্ষ লৈছিল। বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ডাঃ উমব উন নবীৰ যাৰ আত্মঘাতী কাৰ বোমাত ১৪ গৰাকী নিৰীহ ভাৰতীয়ই প্রাণ হেৰুৱাইছিল সেইগৰাকী নবীৰ হৈ ওকালতি কৰি ইমৰান মাছুদে শিক্ষিত মুছলমান সন্ত্রাসবাদী হ’ব নোৱাৰে বুলি কৈছিল। বিহাৰ নিৰ্বাচনৰ পূর্বে এটি পডকাষ্টত ইমবাণ মাছুদে হামাছৰ দৰে দুধর্ষ আৰু নিৰ্মম সন্ত্রাসবাদীক ভাৰতবৰ্ষৰ বীৰ শ্বহীদ স্বাধীনতা সংগ্রামী ভগত সিঙৰ সৈতে তুলনা কৰিছিল। ছহিদ ভগত সিঙে দেশ মাতৃৰ বাবে যুঁজাৰ দৰে হামাছেও অখণ্ডতাৰ বাবে যুঁজ কৰা বুলি কয় আমাৰ দেশৰ মহান বীৰগৰাকীক অপমান কৰিছিল। যি হামাছে ইজৰাইলৰ নিৰীহ জনতাক জন্তুৰ দৰে হত্যা কৰিছে, আত্মঘাতী বোমা, নির্বিচাৰ গুলিবর্ষণ, মিছাইল আদিৰে ইজৰাইলৰ শিশু, মহিলাৰ ওপৰত নিৰ্মম আক্রমণ চলাই হাজাৰ হাজাৰ জনক হত্যা কৰিছে, সেই কুখ্যাত হামাছ মাছুদৰ মতে ভগত সিঙৰ সমকক্ষ। নিজৰ দেশ মাতৃৰ বাবে প্রাণ আহুতি দিয়া শ্বহীদ ভগত সিঙক হত্যাকাৰী সন্ত্রাসবাদীৰ সৈতে তুলনা কৰি মাছুদে দেশৰ সমগ্র স্বাধীনতা সেনানিক অপমানিত কৰিছে।

যোৱা ২০২৫ ব৮ ডিচেম্বৰত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া বর্ষপূর্তি উপলক্ষে সাংসদত হোৱা আলোচনাৰ বিৰোধিতা কৰি ইমৰাণ মাছদে ‘বন্দে মাতম’ গাবলৈ অস্বীকাৰ কৰিছিল। ইমৰাণ মাছুদৰ ধর্মই আল্লাহৰ বাদে আন কাৰোৰে বন্দনা কৰাৰ অনুমতি নিদিয়ে বুলি কৈ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় গীতক অপমান কৰিছিল। সংবিধানৰ নামত শপত খোৱা জনপ্রতিনিধিগৰাকীয়ে ভাৰতবৰ্ষৰ সংবিধানকে নস্যাৎ কৰিছিল। সংবাদমেলত মুখপাত্র শ্রীমেধিয়ে এনে এগৰাকী চৰম সাম্প্রদায়িক নেতাক তিনিচুকীয়া, ডিব্রুগড়, ধেমাজী, চৰাইদেউ, বিশ্বনাথ, ওদালগুৰি আদিৰ দৰে খিলঞ্জীয়া তথা ভাৰতীয় মূলৰ বাসিন্দা থকা জিলাব নির্বাচনী প্রার্থী বাচনিৰ দায়িত্ব অর্পণ কৰা বুলি সদৰি কৰে। গৌৰৱ গগৈ, ৰকিবুল হুছেইনৰ দৰে পাকিস্তানপন্থী নেতাই এতিয়া ইমৰাণ মাছুদৰ দৰে উগ্র ইছলামিক মৌলবাদী চিন্তাৰ নেতাক অসমলৈ আমদানি কবি, আগন্তুক বিধানসভা নির্বাচনৰ অত্যন্ত গুৰুত্বপূর্ণ দায়িত্ব অর্পণ কৰি অসমখনক দুৰ্বল কৰিবৰ বাবে ভয়ংকৰ ষড়যন্ত্র ৰচনা কৰা বুলিও সংবাদমেলত কমল কুমাৰ মেধিয়ে অভিযোগ উত্থাপন কৰে।

You might also like
Leave A Reply

Your email address will not be published.