ভাৰত মণ্ডপমত এআই চামিটৰ প্ৰতিবাদে ভাৰতৰ আত্মসন্মান লাঘৱ কৰিলে

The AI ​​Summit protests at the Bharat Mandap have undermined India's self-esteem

ভাৰত মণ্ডপমত এআই চামিটৰ প্ৰতিবাদে ভাৰতৰ আত্মসন্মান লাঘৱ কৰিলে

ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্রিয়ংকা গান্ধীৰ ঘৰত গভীৰ ষড়যন্ত্ৰ কৰা হৈছিল

ভাৰতৰ নাক কাটিছে কংগ্রেছ দলে

ডিজিটেল ডেস্কঃ  ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি বশিষ্ঠস্থিত ৰাজ্যিক কার্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰি কংগ্ৰেছে ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় এ.আই. চামিটত প্রতিবাদ কৰি ভাৰতবৰ্ষৰ আত্মাসন্মান লাঘৱ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আজি নির্বাচনী প্রবন্ধ সমিতিৰ মুখ্য আহ্বায়ক প্রদান বৰুৱা, সাধাৰন সম্পাদক অনুপ কুমাৰ বৰ্মন আৰু বিজেপিৰ ৰাজ্যিক মুখপাত্র মানস শৰণীয়া, ব্রজেন মহন্ত, ড০ জাফ্রিন মেহজাবিনৰ উপস্থিতিত সংবাদমেল সম্বোধন কৰি দিলীপ শইকীয়াই দেশৰ মান-সম্মান আৰু স্বাভিমানত কংগ্রেছে আঘাত কৰাৰ পোনপটীয়া অভিযোগ উত্থাপন কৰে। দিলীপ শইকীয়াই কংগ্ৰেছৰ প্ৰতিবাদক নিন্দা কৰি কয় যে ঋষি-মুনী তথা পূর্বপুৰুষসকলে মানর কল্যাণৰ যাক-যজ্ঞ অনুষ্ঠান পাতে, সেই যাক-যজ্ঞৰ লক্ষ্য থাকে যে সমগ্র মানৱ জাতিৰ যাতে কল্যাণ হয়। অশুভ-আসুৰিক শক্তি আৰু এন্ধাৰক যাতে নাশ কৰিব পাৰি। সেই যাক-যজ্ঞ অনুষ্ঠান চূড়মাৰ কৰিবলৈ বা ভংগ কৰিবলৈ অসুৰ শক্তিয়ে প্রয়াস কৰে। কালি ভাৰত বৰ্ষৰ যশস্বী প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ১০০ খন দেশৰ প্ৰতিনিধিৰ উপস্থিতিত মানৱতাৰ কল্যাণ আৰু জেন-জিৰ যি সম্ভাৱনা আৰু সমগ্র বিশ্বত এটা সৃজনিশীল চিন্তাৰে সমগ্ৰ বিশ্বৰ উত্তৰণৰ বাবে নতুন দিল্লীৰ ভাৰত মণ্ডপমত একেলগে বহু চিন্তা-চর্চা কৰি আছিল। সেই সময়ত কংগ্রেছ ৰূপী অসুৰ শক্তিয়ে সেই যজ্ঞ অনুষ্ঠানত বাধা প্ৰদান কৰা আৰু নষ্ট কৰাৰ বাবে কুৎসিত, অসভ্য, বৰ্বৰ প্রয়াস কৰে। যুৱ প্ৰদজন্মৰ সম্ভাৱনা, সৃজনীশীলতাৰ বিৰোধিতা কৰা ভাৰত বিৰোধী, দেশ বিৰোধী সমগ্র বিশ্বৰ আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ বিৰোধিতা কৰা কংগ্ৰেছ দলৰ কুৎসিত, অসভ্য, বৰ্বৰ কাণ্ডক ভৎর্সনা আৰু নিন্দা কৰি দিলীপ শইকীয়াই আৰু কয় যে ভাৰতবর্ষ আজি বিজ্ঞান-প্রযুক্তি বিদ্যা আৰু মহাকাশ বিজ্ঞানৰ ক্ষেত্রত শক্তিশালী স্থান পাবৰ বাবে অনবৰতে প্রয়াস কৰি গৈছে।

ADVERTISEMENT

 

 

 

সভাপতি শইকীয়া কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাৰে ভাৰতবৰ্ষক সকলোস্তৰত প্ৰতিষ্ঠা কৰাৰ চিন্তা আৰু কৰ্মসূচীৰে বিভিন্ন ক্ষেত্ৰত ভাৰতৰ স্থান শক্তিশালী কৰিবলৈ সক্ষম হৈছে। গৌৰৱী ভাৰতীয় হিচাপে শিৰনত নকৰি সাহস আৰু স্বাভিমানেৰে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছো। এই কথাবোৰ চৰ্চা কৰিলে কংগ্ৰেছ দলৰ এটা কুৎসিত আৰু ভাৰত বিৰোধী চৰিত্ৰ, যুৱ-মহিলা-এছচি-এছটি বিৰোধী চৰিত্ৰ বাৰে বাৰে প্রকট কৰি আহিছে। মোদী চৰকাৰে দোকলামৰ ঘটনা, চার্জিকেল স্ট্রাইক, এয়াৰ স্ট্রাইক অপাৰেচন সিন্দুৰৰ জৰিয়তে আমাক কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ উচিত ভাষাৰে দিছে। এইবিলাক কাৰ্যই ভাৰতীয় হিচাপে সমগ্র বিশ্বত সাহস আৰু স্বাভিমান গোটাইছো। ভাৰতে সমগ্র বিশ্বত মানৱতাৰ কল্যাণ, শান্তি, স্থিৰতা ৰক্ষাৰ বাবে সন্ত্রাসবাদৰ বিৰুদ্ধে শূন্যসহনশীলতা আৰু দেশৰ সংস্কৃতি বিৰোধী, মানৱতাৰ মূল্যবোধৰ বিৰোধী কাম যিবোৰ দেশে কৰে বিশেষকৈ পাকিস্তানৰ দৰে দেশে কৰে তেনে দেশক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰৰ ১২ বছৰীয়া কাৰ্যকালত তাৰ উচিত প্রত্যুত্তৰ দিয়া হৈছে। প্রত্যুত্তৰ দিবলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কার্যকালত কেতিয়াও আপোচ কৰা নাই। নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ভাৰতৰ উত্থান, প্ৰগতিৰ অনিৰুদ্ধ যাত্ৰা আৰম্ভ হৈছে বুলি দাবী কৰি কংগ্ৰেছে প্রতিটো বিষয়ত প্রশ্ন কৰে আৰু সকলোতে প্রশ্নবোধক লগায় বুলি অভিযোগ আনি শইকীয়াই কয় যে সংসদৰ বাহিৰত আৰু ভিতৰত, স্বদেশৰ মাটিত আৰু বাহিৰত কংগ্ৰেছে মান-সম্মান, স্বাভিমান, গৌৰৱ, প্রতিষ্ঠা অপমানিত আৰু অৱনমিত কৰাৰ প্ৰয়াস কৰে। কালি ভাৰত মণ্ডপমত এআই চামিটত কংগ্ৰেছে যি কৰিলে তাক কোনো ভাৰতীয়ই তথা বিশ্বৰ নাগৰিকে সমর্থন নকৰে। কংগ্ৰেছ দলৰ এই নিন্দনীয় আৰু অদ্ভুত কৰ্মকাণ্ডৰ বিৰুদ্ধে ভাৰতীয় জনতা পার্টিয়ে প্রতিবাদ কৰিব। এয়া পৰিকল্পিত প্রতিবাদ আখ্যা দি ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে এয়া কোনো কালি হঠাতে হোৱা ঘটনা নহয়। পূর্ব পৰিলকল্পিত, ঘৃনণীয় মানসিকতা আৰু নীচ মানসিকতাৰ পৰিচয় দিছে। যিটো সময়ত ১০০ খন দেশৰ প্ৰতিনিধি বিশ্ব এআই চামিটত ভাগ লৈ আছিল, ইয়াৰে ৪০ খন দেশৰ ৰাষ্ট্ৰপ্ৰধান আছিল আৰু ৬০ খন দেশৰ মন্ত্ৰীৰ উপৰিও ১০০ খন দেশৰ এআই ক্ষেত্ৰত কাম কৰা সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া উপস্থিত আছিল। ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধী বাদ্ৰাৰ ঘৰত এই গভীৰ ষড়যন্ত্র কৰা হৈছিল। হয়তো গৌৰৱ গগৈয়ো সিদিনা তাত উপস্থিত আছিল বুলি কয়। এই নীচ মানসিকতাৰ প্ৰতিফলন কালি দেখা গল আৰু ইয়ে প্রমাণ কৰে যে কংগ্রেছ দলটো ভাৰতৰ উন্নয়নৰ সহযোগী নহয় আৰু সন্তুষ্টি প্রকাশ নকৰে। ভাৰত অস্থিৰ হৈ থাকক, ভাৰত বিশ্বৰ মানচিত্ৰত যাতে শক্তিশালীভাবে আত্ম প্রকাশ কৰিব নোৱাৰে তাৰ বাবে কেনেকৈ উপলুঙা কৰিব পাৰে বেত্রাঘাত কৰিব পাৰে, আঘাত কৰিব পাৰে তাৰ বাবে ষড়যন্ত্র কৰে। সেয়েহে পাপু খ্যাত নেতা ৰাহুল গান্ধীৰ প্রত্যক্ষ নির্দেশনাত যুৱ কংগ্ৰেছে বিশ্বত ভাৰতক লজ্জিত কৰা আৰু যুৱ প্ৰজন্মৰ যি আকাংক্ষাক ভৰিৰে মোহাৰিব পৰা এনেধৰণৰ অনাকাংক্ষিত কাম কৰিলে।

কংগ্ৰেছে দল অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক অপমানিত কৰাৰ উদাহৰণ দাঙি ধৰি শইকীয়াই লগতে কয় যে মল্লিকার্জুন খার্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধী বাদ্ৰাৰ লগতে কংগ্ৰেছৰ নেতাসকলে কেৱল ভাৰতবৰ্ষকে অপমানিত কৰাই নহয়, অসম তথা উত্তৰ-পূৰ্বাঞ্চলকো অপমানিত কৰাৰ সুযোগ এৰি দিয়া নাই। অসমত ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপন হোৱাত মল্লিকার্জুন খাৰ্গেৰ পুত্ৰই কৈছিল যে অসমত ইয়াৰ প্ৰয়োজন কি? ইয়াত মেধা নাই, টেলেন্ট নাই বুলি কৈছিল। ছেমিকণ্ডাক্টৰ উদ্যোগৰ বিৰোধ, ৬২ত জৱাহৰলাল নেহৰুৱে অসমৰ টাটা বাই বাই দিয়ালৈকে অতীতৰ পৰা আজিলৈকে কংগ্রেছে অসমৰ মেধা আৰু যুৱ শক্তিৰ সপোনক মোহাৰিবলৈ চেষ্টা কৰিছে। দেশ স্বাধীন হোৱাৰ সময়তে পূজনীয় মহাত্মা গান্ধী বাপুৱে ঠিকেই কৈছিল যে কংগ্ৰেছ দলটো ভংগ কৰি দিব লাগে। এই দলটোক নালাগে বুলি কৈছিল। বাপুরে তেতিয়াই কৈছিল যে তেতিয়াৰ কংগ্ৰেছ আজিৰ ৰাহুল গান্ধীৰ নেতৃত্বৰ কংগ্রেছ কেনেকুৱা হ’ব পাৰে তেতিয়াই জানিছিল। বৰ্তমানৰ নেতৃত্বৰ হাতত দেশ কেনেকৈ অপমানিত হ’ব পাৰে তেতিয়াই হয়তো বাপুরে অনুমান কৰিছিল। ক্ষমতা আৰু শাসনৰ সোৱাদৰ বাবে কংগ্ৰেছ দলটোৱে চৰ্দাৰ পেটেলৰ প্রধানমন্ত্রী পতাৰ সিদ্ধান্তক ভৰিৰে মোহাৰি নেহৰুৰ প্ৰতি থকা আদৰ-সাদৰৰ প্ৰতি কংগ্ৰেছ দলৰ গণতন্ত্র খতম কৰি চৰ্দাৰ পেটেলক বাদ দি পণ্ডিত নেহৰুক প্রধানমন্ত্রী পাতিলে। জৰুৰীকালীন অৱস্থাৰ প্ৰসংগ উল্লেখ কৰি দিলীপ শইকীয়াই কয় যে ১৯৭৫ চনৰ মাজনিশাৰ কথা নকলে আধৰুৱা হ’ব। সমগ্র প্রমূল্যবোধক ভৰিৰে মোহাৰি কংগ্ৰেছে ভাৰতবৰ্ষত জৰুৰীকালীন অবস্থা প্রযোজ্য কৰি যি মহাপাপ কৰিছে তাৰ বাবে আজিলৈ কংগ্রেছ দলে ক্ষমা খোজা নাই। কংগ্ৰেছ দল ৰাষ্ট্ৰ বিৰোধী হয়, আছিল আৰু ভৱিষ্যতে তেওঁলোক ৰাষ্ট্ৰ বিৰোধী হৈ থাকিব বুলি আক্ষেপ কৰে।

You might also like
Leave A Reply

Your email address will not be published.