ASSAM | টেট পৰীক্ষাক লৈ তামুলপুৰত নিষেধাজ্ঞা জাৰি

টেট পৰীক্ষাক লৈ তামুলপুৰত নিষেধাজ্ঞা জাৰি

নিউজ ডেস্ক :  বিশেষ অসম শিক্ষক যোগ্যতা পৰীক্ষা, ২০২৬ সুকলমে অনুষ্ঠিত কৰাৰ বাবে তামুলপুৰ জিলা প্ৰশাসনে কিছু নিষেধাজ্ঞা জাৰি কৰিছে। তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ চিমি কৰণে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ৰ ধাৰা ১৬৩ অনুসৰি এই নিৰ্দেশ জাৰি কৰিছে।

নিৰ্দেশ অনুসৰি ২৮ জুন, ২০২৬ তাৰিখে অনুষ্ঠিত হ’বলগীয়া বিশেষ টেট পৰীক্ষাৰ বাবে তামুলপুৰ জিলাৰ তিনিটা পৰীক্ষা কেন্দ্ৰ, ক্ৰমে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (বাণিজ্য)-ৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী, অনুমোদিত স্ক্ৰাইব, পৰীক্ষা কৰ্মচাৰী আৰু জিলা প্ৰশাসনৰ অনুমোদিত লোকৰ বাহিৰে আন কোনো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।

পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধত যান-বাহন ৰখোৱা বা চলাচল কৰাটোও নিষিদ্ধ কৰা হৈছে। কেৱল চৰকাৰী কৰ্তব্যত নিয়োজিত আৰু অনুমোদিত বাহনহে চলাচল কৰিব পাৰিব।

লগতে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদিত বিষয়াৰ বাহিৰে আনে ম’বাইল ফোন, কেলকুলেটৰ, স্মাৰ্ট ৱাচ, ইলেক্ট্ৰ’নিক সামগ্ৰী আদি নিয়াৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইয়াৰ উপৰি পৰীক্ষা চলি থকা সময়ছোৱাত কেন্দ্ৰৰ ১০০ মিটাৰ পৰিসৰৰ ভিতৰত খাদ্যৰ দোকান, অস্থায়ী দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰিব নোৱাৰিব। পৰীক্ষাৰ্থীক আসন বিচাৰি দিয়াৰ ক্ষেত্ৰত পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়ক কৰ্মচাৰীৰ বাহিৰে আন কোনো ব্যক্তিয়ে সহায় কৰিব নোৱাৰিব।

জিলা প্ৰশাসনে জনোৱা মতে, পৰীক্ষাৰ শান্তিপূৰ্ণ আৰু সুশৃংখল পৰিচালনা নিশ্চিত কৰাৰ উদ্দেশ্যেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিৰ্দেশ অমান্য কৰিলে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এক প্ৰেছ বিজ্ঞপ্তিযোগে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এই খবৰ সংবাদ মাধ্যমক জনাইছে।

You might also like
Leave A Reply

Your email address will not be published.