বৰপেটাত ভাড়া বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী
বৰপেটাৰোডৰ ৰাজপথত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ। হঠাতে ১০০% ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে শিক্ষাৰ্থীয়ে। ১০ টকাৰ ভাড়া ৭ দিনৰ ভিতৰতে হ’লগৈ ২০ টকা। পেট্ৰ’ল-ডিজেল চালিত বাহনৰ লগে লগে বৈদ্যুতিক আৰু CNG চালিত বাহনৰো ভাড়া ১০০% বৃদ্ধি কৰে গৰাকী-চালকে।
ইয়াৰ পিছতেই ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত নামিল ছাত্ৰ সমাজ। বৰপেটা ৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথত হাতে হাতে প্লেকাৰ্ড লৈ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে প্ৰতিবাদ কৰে। ১০০% ভাড়া বৃদ্ধি কোনো কাৰণতে মানি ল’ব নহ’ব বুলি স্পষ্ট কৰি দিয়ে প্ৰতিবাদী শিক্ষাৰ্থীসকলে।https://adtu.in/

আজি যান বাহনৰ ১০০% ভাড়া বৃদ্ধিৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰি বৰপেটা ৰোডৰ শিমলাগুৰীত B.H কলেজ, GLC কলেজকে ধৰি কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ সকলে বাছ, ই-ৰিক্সা আদি বিভিন্ন যান-বাহনৰ চালক সকলক ছাত্ৰ ছাত্ৰীৰ বাবে ভাড়া কমকৈ লোৱাৰ বাবে অনুৰোধ জনায়।
এইক্ষেত্ৰত প্ৰতিবাদকাৰী সকলে কয় যে, যেতিয়াই ছাত্ৰ সমাজ ৰাজপথত প্ৰতিবাদত নামিছে তেতিয়াই শাসকে দাবী মানিবলৈ বাধ্য হয়। যদি অহা ৫ আগষ্টৰ ভিতৰত ছাত্ৰ ছাত্ৰী সকলক ভাড়াৰ ক্ষেত্ৰত ৰেহাই প্ৰদান নকৰে তেন্তে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।