গুৱাহাটী, ১৩ জুলাইঃ কৰিমগঞ্জ জিলা পৰিষদৰ সদস্য মোস্তাক আহমেদক দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ লগতে দলীয় অনুশাসন বাৰে বাৰে ভংগ কৰাৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ পৰামৰ্শ অনুযায়ী দলৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰামান্না বৰুৱাই কৰিমগঞ্জ জিলা পৰিষদৰ সদস্যজনক ৪ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ বিচাৰিছে।https://adtu.in/

ইয়াৰ লগতে কৰিমগঞ্জ জিলাৰ সাধাৰণ সম্পাদক তাহেৰ আহমেদ চৌধুৰী, সম্পাদক ইনজামুল হক আৰু কাৰ্যকৰী সদস্য আবুল বাছিতক তৎকালে কাৰ্যকৰী হোৱাকৈ দলৰ পৰা নিলম্বিত কৰা হৈছে। দল বিৰোধী কাৰ্যত লিপ্ত থকা জিলা কংগ্ৰেছৰ আটাইকেইজন নেতাৰ বিৰুদ্ধে এই কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰামান্না বৰুৱাই জানিবলৈ দিছে।