ম্যানমাৰৰ উপকূলত শৰণাৰ্থীবাহী দুখন নাৱ ডুবি ৫০০ৰো অধিক লোকৰ মৃত্যুৰ আশংকা
ম্যানমাৰৰ উপকূলত শৰণাৰ্থী কঢ়িয়াই নিয়া দুখন নাও যোৱা কেইসপ্তাহৰ ভিতৰত ডুব যোৱাৰ ঘটনাত ৫০০ৰো অধিক লোকৰ মৃত্যুৰ আশংকা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই। বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা (UNHCR) আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থা (IOM)-এ প্ৰকাশ কৰা এক যৌথ বিবৃতিত এই তথ্য উল্লেখ কৰা হৈছে।
বিবৃতি অনুসৰি, জুন মাহৰ শেষৰ ফালে ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ পৰা যাত্ৰা আৰম্ভ কৰা দুখন নাৱত অধিকাংশই ৰোহিংগীয়া শৰণাৰ্থী আছিল। ইয়াৰে কিছু যাত্ৰী বাংলাদেশৰ কক্স বজাৰৰ শৰণাৰ্থী শিবিৰৰ পৰাও আহিছিল বুলি জানিব পৰা গৈছে।
প্ৰায় ২৫০ জন যাত্ৰী থকা প্ৰথমখন নাৱৰ সৈতে যাত্ৰাৰ কিছু সময়ৰ পিছতেই যোগাযোগ বিচ্ছিন্ন হয়। আনহাতে, প্ৰায় ২৮০ জন যাত্ৰী থকা দ্বিতীয়খন নাৱ ৮ জুলাইত ম্যানমাৰৰ আয়েয়াৰৱাডি উপকূলত ডুব যোৱাৰ আশংকা কৰা হৈছে।

উল্লেখযোগ্য যে, ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ ৰোহিংগীয়া মুছলমান সংখ্যালঘুসকলে দীৰ্ঘদিন ধৰি নিৰ্যাতন, বৈষম্য আৰু উচ্ছেদৰ সন্মুখীন হৈ আহিছে। সামৰিক অভিযানৰ পিছত ১২ লাখতকৈ অধিক ৰোহিংগীয়াই বাংলাদেশলৈ পলাই যায় আৰু বৰ্তমান কক্সবজাৰৰ অস্থায়ী শৰণাৰ্থী শিবিৰসমূহত অতি দুৰ্দশাগ্ৰস্ত পৰিৱেশত বাস কৰি আছে।
UNHCR-ৰ তথ্য অনুসৰি, ২০২৬ চনত উত্তৰ ভাৰত মহাসাগৰত সংঘটিত বিভিন্ন দুৰ্ঘটনাত ম্যানমাৰৰ পৰা পলায়ন কৰা ৯০০ৰো অধিক ৰোহিংগীয়া নিখোজ বা মৃত বুলি ধাৰণা কৰা হৈছে। তেওঁলোকৰ অধিকাংশই মালয়েছিয়া, ইণ্ডোনেছিয়া বা থাইলেণ্ডত নিৰাপত্তা আৰু উন্নত জীৱনৰ সন্ধানত সাগৰীয় পথত যাত্ৰা কৰিছিল।