ASSAM| Shocking murder in Karnataka : কৰ্ণাটকত চাঞ্চল্যকৰ হ/ত্যা/কা/ণ্ড

কৰ্ণাটকত চাঞ্চল্যকৰ হ/ত্যা/কা/ণ্ড

চিকিৎসকৰ মৃতদেহ উদ্ধাৰ, গুৰুতৰভাৱে আহত ৮ বছৰীয়া পুত্ৰ
পত্নীক জেৰা আৰক্ষীৰ

কৰ্ণাটকৰ ধাৰৱাড চহৰত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটা সুৰক্ষিত আবাসিক কমপ্লেক্সৰ ফ্লেটৰ ভিতৰত ৪৫ বছৰীয়া এনাস্থেছিয়া বিশেষজ্ঞ ডাঃ কিৰণ হনান্নাভাৰৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয় তেওঁৰ ৮ বছৰীয়া পুত্ৰক। ঘটনাৰ সময়ত চিকিৎসক পত্নী ডাঃ প্ৰিয়ংকা ফ্লেটখনৰ ভিতৰতে উপস্থিত আছিল। আৰক্ষীয়ে তেওঁক জেৰাৰ বাবে আটক কৰিছে।

আৰক্ষীৰ তথ্য অনুসৰি, মঙলবাৰৰ সন্ধিয়াৰ পৰা ডাঃ কিৰণ হনান্নাভাৰৰ সৈতে পৰিয়ালৰ লোকে যোগাযোগ কৰিব নোৱাৰাত সন্দেহৰ সৃষ্টি হয়। ফোনকলৰ উত্তৰত তেওঁৰ পত্নীয়ে প্ৰথমে কিৰণ বিশ্ৰাম কৰি আছে বুলি কয়, পিছত তেওঁ বাহিৰলৈ ওলাই গৈছে বুলি ভিন্ন ভিন্ন তথ্য দিয়ে। সন্দেহ বৃদ্ধি পোৱাত আত্মীয়সকলে ধাৰৱাডৰ কৰ্ণাটক বিশ্ববিদ্যালয় পথস্থিত ৰাংকা ষ্টেলো এপাৰ্টমেণ্টত উপস্থিত হৈ ফ্লেটত প্ৰৱেশ কৰে।https://adtu.in/

ASSAM| Shocking murder in Karnataka : কৰ্ণাটকত চাঞ্চল্যকৰ হ/ত্যা/কা/ণ্ড

ফ্লেটৰ ভিতৰত ডাঃ কিৰণ হনান্নাভাৰক ডিঙিত একাধিক ছুৰীৰ আঘাতপ্ৰাপ্ত অৱস্থাত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰে। আন এটা কোঠাত তেওঁৰ ৮ বছৰীয়া পুত্ৰকো ছুৰীৰ আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয়। শিশুটোক তৎক্ষণাত এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু বৰ্তমানেও চিকিৎসাধীন হৈ আছে।

ঘটনাৰ সময়ত চক্ষু বিশেষজ্ঞ ডাঃ প্ৰিয়ংকা বিছনাত বহি মোবাইল ফোন ব্যৱহাৰ কৰি থকা অৱস্থাত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীৰ মতে, তেওঁ বৰ্তমান মানসিকভাৱে বিপৰ্যস্ত অৱস্থাত আছে আৰু জেৰাৰ সময়ত অসংলগ্ন বক্তব্য আগবঢ়াইছে।

হুব্বলী-ধাৰৱাড আৰক্ষী আয়ুক্ত এন. শশিকুমাৰে জানিবলৈ দিয়ে যে, প্ৰাথমিক তদন্তত কোনো বাহিৰৰ লোক ফ্লেটত প্ৰৱেশ কৰাৰ প্ৰমাণ পোৱা হোৱা নাই। ঘটনাৰ সময়ত ফ্লেটত কেৱল স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ সন্তানহে উপস্থিত আছিল। সুৰক্ষিত আবাসিক কমপ্লেক্সটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ লগতে দুয়োটা পৰিয়ালৰ সদস্যৰ বক্তব্য গ্ৰহণ কৰি তদন্ত আগবঢ়াই আছে আৰক্ষীয়ে।

আৰক্ষীয়ে ইতিমধ্যে উপনগৰ আৰক্ষী থানাত হত্যাৰ গোচৰ ৰুজু কৰিছে। তদন্তকাৰী বিষয়াসকলৰ প্ৰাথমিক অনুমান অনুসৰি, এই ঘটনা পাৰিবাৰিক বিবাদৰ সৈতে জড়িত হ’ব পাৰে। অৱশ্যে হত্যাৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ সম্পূৰ্ণ ক্ৰম এতিয়াও স্পষ্ট হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত অধিক তথ্য পোহৰলৈ অহাৰ আশা কৰিছে আৰক্ষীয়ে।

You might also like
Leave A Reply

Your email address will not be published.