৩ আগষ্টৰ পৰা পুনৰ আৰম্ভ অৰুণোদয়,
আগষ্টতে ‘নিযুত মইনা’,’নিযুত বাবু’ৰ প্ৰ-পত্ৰ বিতৰণ
বৃহস্পতিবাৰে সন্ধিয়া সামাজিক মাধ্যম ফেচবুকত লাইভযোগে ৰাজ্যবাসীক সম্বোধন কৰি একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি, নিযুক্তি প্ৰক্ৰিয়া আৰু ৰেচন ব্যৱস্থাক লৈ মুখ্যমন্ত্ৰীয়ে সবিশেষ তথ্য দাঙি ধৰে।
লাইভ সম্বোধনত মুখ্যমন্ত্ৰীয়ে কয় যে, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যত ২ লাখ চৰকাৰী চাকৰি প্ৰদানৰ লক্ষ্যৰে চৰকাৰে ইতিমধ্যে কাম আৰম্ভ কৰিছে। স্বচ্ছ আৰু পৰ্যায়ক্ৰমে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

ইয়াৰ উপৰিও, অহা ৬ আৰু ৭ আগষ্টত ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। এই দুয়োখন আঁচনিৰ অধীনত যোগ্য শিক্ষাৰ্থীসকলে ছেপ্টেম্বৰ মাহৰ পৰাই চৰকাৰী সুবিধা লাভ কৰিবলৈ আৰম্ভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।
ৰেচন ব্যৱস্থাক লৈও মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে আগষ্ট মাহৰ পৰাই ৰেচন ব্যৱস্থাৰ জৰিয়তে পুনৰ চাউল, চেনি আৰু দালি যোগান ধৰা আৰম্ভ হ’ব। জনসাধাৰণে নিয়মীয়াকৈ খাদ্যসামগ্ৰী লাভ কৰিব পৰাকৈ যোগান ব্যৱস্থা পুনৰ স্বাভাৱিক কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে।
ইয়াৰ লগতে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে ‘জীৱন প্ৰেৰণা’ আঁচনিখন ছেপ্টেম্বৰ মাহৰ পৰা কাৰ্যকৰী কৰা হ’ব। এই আঁচনিৰ জৰিয়তে নিৰ্ধাৰিত হিতাধিকাৰীসকলে চৰকাৰী সুবিধা লাভ কৰিব।
ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি সময়মতে ৰূপায়ণৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰাৰ লগতে জনসাধাৰণৰ স্বাৰ্থত চৰকাৰে ধাৰাবাহিকভাৱে কাম কৰি যাব বুলি কয়।