গুৱাহাটী, ১৭ জুলাই: অসমত ২০২৭ চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায় ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ নাগৰিকসকলে Self-Enumeration ব্যৱস্থাৰ জৰিয়তে অনলাইনত নিজৰ পৰিয়ালৰ তথ্য স্বেচ্ছাই দাখিল কৰাৰ সুবিধা লাভ কৰিব।
শুকুৰবাৰে আমিনগাঁৱৰ লোকপিয়ল সঞ্চালকালয়ত প্ৰেছ ইনফৰ্মেচন ব্যুৰো (PIB), গুৱাহাটীয়ে আয়োজন কৰা ‘বাৰ্তা’ শীৰ্ষক সংবাদ মাধ্যম কৰ্মশালাত অসমৰ লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে, ২০২৭ চনৰ লোকপিয়ল ভাৰতৰ ১৬ সংখ্যক আৰু স্বাধীনতাৰ পিছৰ অষ্টম লোকপিয়ল হ’ব। এইবাৰৰ লোকপিয়ল দুটা পৰ্যায়ত সম্পন্ন কৰা হ’ব—প্ৰথমে গৃহ গণনা আৰু পিছত লোকপিয়ল।
তেওঁ জানিবলৈ দিয়ে যে, এইবাৰৰ লোকপিয়লত মোবাইল এপ, ১৬টা ভাষাত Self-Enumeration প’ৰ্টেল আৰু Census Management and Monitoring System (CMMS)ৰ দৰে আধুনিক ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব, যাতে সমগ্ৰ প্ৰক্ৰিয়াটো অধিক স্বচ্ছ, সহজ আৰু দ্ৰুত হয়।

কৰ্মশালাখনত কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই জিলাখনৰ যোৱা ১২ বছৰৰ উন্নয়নৰ চিত্ৰ দাঙি ধৰি শিক্ষা, স্বাস্থ্য, গৱেষণা আৰু আন্তঃগাঁথনি খণ্ডত হোৱা অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। আনহাতে, ভাৰতীয় মানক ব্যুৰো (BIS)ৰ বিষয়াসকলে ISI চিহ্ন, হলমাৰ্ক, গ্ৰাহক সুৰক্ষা আৰু মানসম্পন্ন সামগ্ৰী ব্যৱহাৰৰ গুৰুত্ব সম্পৰ্কে বিশদভাৱে ব্যাখ্যা আগবঢ়ায়।
উত্তৰ-পূৰ্বাঞ্চলৰ PIB-ৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপা শংকৰ যাদৱে সংবাদ মাধ্যমক চৰকাৰী আঁচনি আৰু জনস্বাৰ্থমূলক বিষয়সমূহৰ সঠিক তথ্য সাধাৰণ মানুহৰ ওচৰলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। কৰ্মশালাত কামৰূপ জিলাৰ ৪৭ জন সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।