গুৱাহাটী ১৩ আগষ্ট ২০২৬ঃ “বিধানসভা নিৰ্বাচনৰ সময়ত বদৰুদ্দিন আজমল সাম্প্রদায়িক আছিল, এতিয়া নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ আগে আগে আজমল চেকুলাৰ হৈ গ’ল। চাৰিমাহৰ আগতে সংখ্যালঘুৰ বাবে ভয়ংকৰ আখ্যা পোৱা এআইইউডিএফ এতিয়া হঠাতে সংখ্যালঘু ভোটৰ স্বাৰ্থত কংগ্ৰেছৰ বাবে বুকুৰ কুটুম হৈ পৰিল।
নগাঁও লোকসভাৰ উপ-নির্বাচন চমু চাপি অহাৰ লগে লগেই মুছলমান ভোটবেংক একত্ৰীকৰণৰ স্বাৰ্থত এতিয়া কংগ্ৰেছ দল বদৰুদ্দিন আজমলৰ ভৰিত পৰিছে। ৰিপুন বৰা, ৱাজেদ আলী চৌধুৰীকে ধৰি কংগ্ৰেছৰ নেতৃত্বই এতিয়া দিকবিদিক হেৰুৱাই এআইইউডিএফক সাৰথি কৰি লৈ নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খুজিছে। এয়াই কংগ্ৰেছৰ আচল চৰিত্ৰ। মুছলমান তুষ্টিকৰণৰ ৰাজনীতিয়ে মূলসূতিৰ অসমীয়া আৰু ভাৰতীয় মূলৰ মানুহৰ মনৰ পৰা কংগ্ৰেছক আঁতৰাই পঠিওৱাৰ পিছত এতিয়া সংখ্যালঘু ভোটক লৈয়ো আত্মবিশ্বাস হেৰুৱাই পেলাইছে দলটোৱে।
সেয়ে বিগত বিধানসভা নিৰ্বাচনৰ সময়ত ৰাহুল গান্ধী, জিতেন্দ্ৰ সিঙকে ধৰি ৰাষ্ট্ৰীয় নেতৃত্ব আৰু গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, ৰিপুন বৰাকে ধৰি কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই বাৰে বাৰে সাম্প্রাদায়িক আৰু বিজেপিৰ বি-টীম আখ্যা দিয়া এআইইউডিএফৰ ওচৰতে এতিয়া আত্মসমর্পণ কৰিবলৈ তেওঁলোক বাধ্য হৈছে।”- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র কমল কুমাৰ মেধিৰ।
আজি অসম প্রদেশ বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত মুখপাত্র কমল কুমাৰ মেধিয়ে আৰু কয় যে আচলতে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিতিৰালি পূৰ্বৰে পৰা বৰ্তি আছে। মাত্র এই মিতিৰালি কেতিয়াবা গোপন আৰু কেতিয়াবা মুকলি। কলিয়াবৰৰ পৰা উজনিলৈ যেতিয়া কোনো এটা নির্বাচন আহে, তেতিয়া তেওঁলোকৰ মিত্ৰতা গোপনে চলে আৰু মধ্য-নামনি অসমত নির্বাচন হ’লে তেওঁলোকৰ মিত্রতা মুকলিকৈ চলে। কংগ্ৰেছ আৰু এআইইউডিএফ দুয়োটা দলইে মাত্র এক নির্দিষ্ট সম্প্রদায়কলৈহে ৰাজনীতি কৰে। কংগ্ৰেছে এআইইউডিএফৰ লগত নগাঁও লোকসভাৰ উপ-নির্বাচনত মুকলিকৈ মিত্রতা কৰিবলৈ আগবঢ়াৰ লগে লগে কংগ্ৰেছৰ সৈতে যোৱা বিধানসভাৰ নিৰ্বাচনত মিত্ৰতা কৰা দলসমূহৰ ভূমিকা কি হ’ব সেয়া লক্ষণীয় হ’ব বুলিও মুখপাত্র শ্রীমেধিয়ে মন্তব্য কৰে।

ইয়াৰ বিপৰীতে বিজেপিৰ মন্ত্ৰী, বিধায়ক তথা বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তাই সংকীৰ্ণ ৰাজনীতিৰ উর্দ্ধত গৈ বিপদৰ সময়ত বানাক্ৰান্ত ৰাইজৰ লগত দিনে-ৰাতিয়ে ব্যস্ত হৈ থাকিল। অসম প্রদেশ বিজেপিৰ চিকিৎসক কোষে যোৱা ৯ আগষ্টৰ পৰা কালিৰ দিনটোলৈকে ৪৭ গৰাকী চিকিৎসক আৰু চিকিৎসা কর্মী লগত লৈ ২১ টা চিকিৎসা সাহায্য শিবিৰ স্থাপন কৰি বানাক্ৰান্ত ৰোগীক চিকিৎসা প্রদান কৰিছে। তেওঁলোকে ২৫০০ তকৈও অধিক ৰোগীৰ চিকিৎসা প্রদান কৰিছে। সাধাৰণতে বানপানী শেষ হোৱাৰ পিছত বিভিন্নধৰণৰ মহামাৰীত বানপীড়িতসকল আক্রান্ত হয় যদিও এইবাৰৰ এই প্রলয়ংকৰী বানপানীৰ পিছতো মহামাৰীত ৰাইজ আক্রান্ত নোহোৱাৰ মূলতে হ’ল প্রদেশ বিজেপিৰ চিকিৎসক কোষৰ আহ্বায়ক ডাঃ প্রাঞ্জল ভৰালী, ডাঃ মৃগাংক তালুকদাৰৰ নেতৃত্বত চিকিৎসক আৰু চিকিৎসা কর্মীয়ে আগবঢ়োৱা এই বিশেষ সেৱামূলক তৎপৰতা। সমান্তৰালভাৱে ৩০০তকৈও অধিক স্বয়ং সেৱকে যোৱা প্রায় ২৫ দিন ধৰি বানাক্ৰান্ত অঞ্চলত বিভিন্নধৰণৰ সেৱা আগবঢ়োৱাৰ লগতে ঘৰ পুনৰ নিৰ্মাণৰ কামতো অৰ্হনিশে লাগি আছে বুলিও আজিৰ সংবাদমেলত মুখপাত্র কমল কুমাৰ মেধিয়ে উল্লেখ কৰে। আজিৰ সংবাদমেলত প্রদেশ বিজেপিৰ মিডিয়া পেনেলিষ্ট আশীষ ভৰালী আৰু অর্জুন ছেত্রীও উপস্থিত থাকে।