গুৱাহাটী, ১৩ আগষ্টঃ স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী আৰক্ষীয়ে এক বৃহৎ অভিযান চলাই জব্দ কৰিলে প্ৰায় ৪০ কোটি টকাৰ ড্ৰাগছ। গুৱাহাটী আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চলোৱা বৃহৎ অভিযানত একেলগে প্ৰায় ৩৯.৪ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ এই অভিযানক ৰাজ্যখনৰ ইতিহাসৰ অন্যতম বৃহৎ নিচাযুক্ত দ্ৰব্যবিৰোধী অভিযান হিচাপে অভিহিত কৰা হৈছে।
