গুৱাহাটীঃ ৰাজ্যত ২০২৭ চনৰ ৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সপ্তম পৰ্যায়ৰ গুণোৎসৱ। শিক্ষা বিভাগে প্ৰকাশ কৰা সূচী অনুসৰি ৬ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত হ’ব গুণোৎসৱ। এই সূচীৰ তথ্যৰ সৈতে প্ৰকাশিত বাতৰিতো ৬ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ গুণোৎসৱ অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰা হৈছে।
প্ৰথম পৰ্যায়ত ৬ৰ পৰা ৯ জানুৱাৰীলৈ বৰপেটা, বজালী, শ্ৰীভূমি, কামৰূপ মহানগৰ, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ আৰু যোৰহাট জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব। একে পৰ্যায়তে দক্ষিণ শালমাৰা-মানকাচৰ, ওদালগুৰি আৰু কাৰ্বি আংলং জিলাতো গুণোৎসৱৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব।

তৃতীয় পৰ্যায়ত ২ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ বঙাইগাঁও, ধেমাজি, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাচাও আৰু মাজুলী জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব।
শিক্ষা বিভাগৰ এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ বিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশ, শিক্ষাৰ্থীৰ শিকন-ফলাফল, আন্তঃগাঁথনি আৰু অন্যান্য গুণগত দিশসমূহ মূল্যায়ন কৰাৰ প্ৰক্ৰিয়া আগবঢ়োৱা হয়।