ASSAM | The date of the seventh phase of the Gunotsav has been announced, Starts in the state from January : সপ্তম পৰ্যায়ৰ গুণোৎসৱৰ দিন ঘোষণা ,৬ জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ

সপ্তম পৰ্যায়ৰ গুণোৎসৱৰ দিন ঘোষণা ,৬ জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ

গুৱাহাটীঃ  ৰাজ্যত ২০২৭ চনৰ ৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সপ্তম পৰ্যায়ৰ গুণোৎসৱ। শিক্ষা বিভাগে প্ৰকাশ কৰা সূচী অনুসৰি ৬ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত হ’ব গুণোৎসৱ। এই সূচীৰ তথ্যৰ সৈতে প্ৰকাশিত বাতৰিতো ৬ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ গুণোৎসৱ অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰা হৈছে।

প্ৰথম পৰ্যায়ত ৬ৰ পৰা ৯ জানুৱাৰীলৈ বৰপেটা, বজালী, শ্ৰীভূমি, কামৰূপ মহানগৰ, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ আৰু যোৰহাট জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব। একে পৰ্যায়তে দক্ষিণ শালমাৰা-মানকাচৰ, ওদালগুৰি আৰু কাৰ্বি আংলং জিলাতো গুণোৎসৱৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব।

ASSAM | The date of the seventh phase of the Gunotsav has been announced, Starts in the state from January : সপ্তম পৰ্যায়ৰ গুণোৎসৱৰ দিন ঘোষণা ,৬ জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ
দ্বিতীয় পৰ্যায়ত ১৯ৰ পৰা ২২ জানুৱাৰীলৈ বাগ্‌সা, বিশ্বনাথ, চিৰাং, চৰাইদেউ, ধুবুৰী, হাইলাকান্দি, হোজাই, কামৰূপ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলাত গুণোৎসৱ অনুষ্ঠিত কৰাৰ কথা।

তৃতীয় পৰ্যায়ত ২ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ বঙাইগাঁও, ধেমাজি, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাচাও আৰু মাজুলী জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব।

শিক্ষা বিভাগৰ এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ বিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশ, শিক্ষাৰ্থীৰ শিকন-ফলাফল, আন্তঃগাঁথনি আৰু অন্যান্য গুণগত দিশসমূহ মূল্যায়ন কৰাৰ প্ৰক্ৰিয়া আগবঢ়োৱা হয়।

You might also like
Leave A Reply

Your email address will not be published.