ASSAM | Shillong: Assamese vehicles vandalized and drivers and passengers beaten up in Shillong : শ্বিলঙত অসমৰ বাহন লণ্ডভণ্ড, চালক-যাত্ৰীক মাৰপিটৰ অভিযোগ

শ্বিলঙত অসমৰ বাহন লণ্ডভণ্ড, চালক-যাত্ৰীক মাৰপিটৰ অভিযোগ

  গুৱাহাটী :  শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত অসমৰ বাহন লণ্ডভণ্ড কৰা আৰু অসমৰ চালক-যাত্ৰীক মাৰপিট কৰাৰ অভিযোগক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হোৱাৰ পাছতে অসম ৰাজ্যিক চালক সন্থাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। ঘটনাটোক গুৰুত্বসহকাৰে লৈ অসমৰ চালকসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে আক্ৰমণৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে চালক সন্থাই।

সন্থাৰ মূল দাবীসমূহৰ ভিতৰত মেঘালয় চৰকাৰৰ সৈতে তাৎক্ষণিকভাৱে আলোচনা কৰি ঘটনাৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰাটো অন্যতম। লগতে ঘটনাত ক্ষতিগ্ৰস্ত হোৱা অসমৰ বাহন আৰু চালকসকলৰ ক্ষয়-ক্ষতিৰ উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে মেঘালয় চৰকাৰৰ ওচৰত দৃঢ় দাবী উত্থাপন কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে।

ASSAM | Shillong: Assamese vehicles vandalized and drivers and passengers beaten up in Shillong : শ্বিলঙত অসমৰ বাহন লণ্ডভণ্ড, চালক-যাত্ৰীক মাৰপিটৰ অভিযোগ
ইয়াৰ উপৰি ঘটনাৰ সৈতে জড়িত সকলো ব্যক্তিক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে আইন অনুসৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে সংগঠনটোৱে।

মেঘালয়ত চলাচল কৰা আৰু কৰ্মৰত অসমৰ চালকসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবেও মেঘালয় চৰকাৰৰ পৰা লিখিত আশ্বাস গ্ৰহণৰ দাবী জনাইছে অসম ৰাজ্যিক চালক সন্থাই। ভৱিষ্যতে আন্তঃৰাজ্যিক ৰাজপথত কোনো অসমীয়া চালক বা বাহন যাতে এনে আক্ৰমণৰ সন্মুখীন নহয়, তাৰ বাবে অসম আৰু মেঘালয় চৰকাৰৰ মাজত এক স্থায়ী নিৰাপত্তা আৰু সমন্বয় ব্যৱস্থা গঢ়ি তোলাৰ বাবেও সন্থাই আহ্বান জনাইছে।

চালক সন্থাৰ মতে, শেহতীয়া ঘটনাই অসমৰ চালক সমাজৰ মাজত ভয় আৰু নিৰাপত্তাহীনতাৰ পৰিৱেশ সৃষ্টি কৰিছে। সেয়ে চালকসকলৰ নিৰাপত্তাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা স্পষ্ট কৰিবলৈ অসম চৰকাৰে এক দৃঢ় আৰু স্পষ্ট চৰকাৰী স্থিতি ঘোষণা কৰাটো প্ৰয়োজন।

সন্থাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিষয়টোত তাৎক্ষণিক হস্তক্ষেপ কৰি মেঘালয় চৰকাৰৰ সৈতে আলোচনাৰ মাধ্যমেৰে ক্ষতিগ্ৰস্তসকলক ন্যায় প্ৰদান আৰু অসমৰ চালকসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

You might also like
Leave A Reply

Your email address will not be published.