গুৱাহাটী: মহাৰাষ্ট্ৰৰ লাতুৰ জিলাৰ আউছা চহৰৰ জিলা পৰিষদ উৰ্দু বিদ্যালয়ত অনুমতি অবিহনে প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা আৰু বিদ্যালয়ৰ চৰকাৰী কাম-কাজত ব্যাঘাত জন্মোৱাৰ অভিযোগত কক্ৰ’চ জনতা পাৰ্টিৰ নেতা অভিজিৎ দিপকে, দলৰ কৰ্মী অজিঙ্ক্য সিন্দে আৰু কেইবাগৰাকীও অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে আউছা আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে।

এগৰাকী মহিলা শিক্ষয়িত্ৰীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত আউছা আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ১৩২, ৩২৯(৩), ৩৫১(২), ৩৫৬(২) আৰু ৩(৫) ধাৰাত গোচৰ ৰুজু কৰিছে। ঘটনাটোৰ সন্দৰ্ভত আউছা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। লগতে যিকোনো মুহূৰ্তত অভিজিত দীপ্কেক গ্ৰেপ্তাৰ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে।